ETV Bharat / state

জনসম্পৰ্ক ৰক্ষা অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা

বিজেপিৰ জনসম্পৰ্ক ৰক্ষা অভিযানৰ অংশস্বৰূপে মঙলবাৰে কোকৰাঝাৰত উপস্থিত হয় জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা । জনতাৰ ঘৰে ঘৰে গৈ মত বিনিময় কৰি বিজেপিৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে ।

জনসম্পৰ্ক ৰক্ষা অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা
জনসম্পৰ্ক ৰক্ষা অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা
author img

By

Published : Jun 16, 2020, 11:36 PM IST

কোকৰাঝাৰ, 16 জুনঃ ৰাজ্যৰ ৫০ লাখ লোকক সাঙুৰি বিজেপিৰ জনসম্পৰ্ক ৰক্ষা অভিযানৰ অংশস্বৰূপে আজি কোকৰাঝাৰত উপস্থিত হয় জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা ।

জিলাখনৰ ছেৰফাংগুৰী, দোতমা, কাৰিগাঁও অঞ্চলত মন্ত্ৰীগৰাকীয়ে সাধাৰণ জনতাৰ ঘৰে ঘৰে গৈ মত বিনিময় কৰি বিজেপিৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰাৰ লগতে বিভন্ন জনকল্যাণ আঁচনিসমুহৰ বিষয়ে অৱগত কৰে। পিছত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিব বুলি উল্লেখ কৰে ।

উন্নয়ণৰ বাহিৰে বিজেপিৰ বিকল্প নাই আৰু বিজেপিক এতিয়া সকলো শ্ৰেণীৰ ৰাইজে আঁকোৱালি লৈছে বুলি মন্তব্য কৰি মন্ত্ৰী ভৱেশ কলিতাই কৰ'ণাৰ সংহাৰ কমাৰ পিছতে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.