নিউজ ডেস্ক,6জানুৱাৰী : ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ বিটিআৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দৈমাৰীৰ ১৬ বছৰীয়া পুত্ৰ অমিতৰাজ দৈমাৰী মঙলবাৰে দুপৰীয়াৰ পৰা সন্ধানহীন হোৱাৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ কোকৰাঝাৰ চহৰৰ মাজমজিয়াস্থিত ৰিয়েলিটি পাব্লিক স্কুলত দশম শ্ৰেণীত অধ্যয়ণৰত আছিল অমিতৰাজ দৈমাৰী ৷
ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে ৷ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশ্বনৰ নেতৃত্বত অব্যাহত আছে সোধা-পোচা । ইতিমধ্যে বিদ্যালয়ৰ চিচিটিভিৰ ফুটেজো নিৰীক্ষণ কৰিছে আৰক্ষীয়ে ৷ আনহাতে এইয়া অপহৰণ নে আন কিবা সেইয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷