ETV Bharat / state

সংবিধান উলংঘা কৰিছে ৰাজ্যপালে : বিশ্বজিৎ দৈমাৰী - biswajit daimari

বিটিচিৰ ক্ষমতা ৰাজ্যপালক হস্তগত কৰাকলৈ বি পি এফত প্ৰতিক্ৰিয়া ৷ ৰাজ্যপালে সংবিধানক উলংঘা কৰি বি টি চিৰ ক্ষমতা হস্তগত কৰিছে বুলি মন্তব্য সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷

biswajit daimari press meet on governor's role in btc

author img

By

Published : May 1, 2020, 6:46 PM IST

কোকৰাঝাৰ 1 মে' : হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ পাঁচবছৰীয়া শাসনকালৰ যৱনিকা পেলাই বিটিচিত প্ৰৱৰ্তন কৰা হ'ল ৰাজ্যপালৰ শাসন ৷ বিটিচিক ৰাজ্যপালৰ শাসনৰ আঁওতালৈ নিয়াকলৈ বড়োভূমিত বিজেপি আৰু মিত্ৰ দল বিপিএফৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

শুকুৰবাৰে এই বিষয় সন্দৰ্ভত কোকৰাঝাৰত উঠে বিপিএফ দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অসন্তুষ্টি ব্যক্ত কৰে ৷ এখন সংবাদমেলযোগে সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধনীৰে গঠিত বিটিচিক ৰাজ্যপালে সংবিধানক উলংঘা কৰি ক্ষমতা হস্তগত কৰা বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷ তেওঁ ৰাজ্যপালৰ এনে বৈষম্যতাই বিটিচিৰ দৰে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা কাৰ্বি আলং ,মিজোৰাম,ত্ৰিপুৰা,উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু মেঘালয়ক শংকিত কৰি তোলা বুলি আক্ষেপ ব্যক্ত কৰে ৷

বিটিচিৰ ক্ষমতা ৰাজ্যপালক হস্তগত কৰাকলৈ বি পি এফত প্ৰতিক্ৰিয়া

ৰাজ্যপালৰ এনে পদক্ষেপক ষষ্ঠ অনুসূচীয় এলেকাৰ সাংবিধানিক সুৰক্ষাৰ প্ৰতি ভাবুকি অনা বুলি কয় সাংসদগৰাকীয়ে ৷ সংবাদমেলত দৈমাৰীয়ে কয় যে, ৰাজ্যপালে জৰুৰী বা অস্থিৰ পৰিবেশ আহিলেহে ৰাজ্যপালৰ শাসন ল'ৱ পাৰে ৷ অৱশ্যে COVID-১৯ ৰ বাবে দেশজুৰি চলা লক্ ডাউনৰ ফলতহে বিটিচিৰ নিৰ্বাচন স্থগিত ৰাখিব লগা হ'ল বুলি মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ সাংসদগৰাকীৰ মতে, যিহেতু বিটিচিত অনাহুত বা অৰাজক পৰিবেশৰ প্ৰশ্নই অহা নাই গতিকে পৰিষদৰ কাৰ্যকাল ছমাহ অথবা এবছৰ বৃদ্ধি কৰিব পাৰে ৷

সংবিধানৰ ১৬(২) দফাত সন্নিবিষ্ট থকা ৰাজ্যপালৰ ক্ষমতা হস্তগত বিষয়টো বিটিচিৰ সৈতে নিমিলে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷ বিটিচিত যিহেতু কৰ'ণা ভাইৰাছত এজনো আক্ৰান্ত হোৱা নাই, গতিকে তিনি মে’ত লক ডাউন সমাপ্ত হ'লে পৰিৱেশ চাই পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো পোষকতা কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

লগতে পঢ়ক : তিনিদিনলৈ বন্ধ কৰা হ'ল শৰাইঘাটৰ পুৰণি দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.