ETV Bharat / state

Bike rally at BTR: পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে BTRত পৰ্যটন ৰেলী

author img

By

Published : Mar 4, 2023, 2:08 PM IST

পৰ্যটন ক্ষেত্ৰৰ বিকাশ, প্ৰচাৰ আৰু পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্যৰে কোকৰাঝাৰৰ পৰা বিটিআৰ জুৰি আৰম্ভ কৰা হৈছে মটৰচাইকেল ৰেলী(Bike rally at BTR with an aim to attract tourists) । মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰি বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসৰ মন্তব্য পৰ্যটনে জিডিপি বৃদ্ধিৰ লগতে সংস্থাপনৰ বাট মুকলি কৰে ৷

Bike rally at BTR with an aim to attract tourists
পৰ্যটকৰ আকৰ্ষণ কৰাৰ লক্ষ্যৰে BTR ত পৰ্যটন ৰেলী

কোকৰাঝাৰ,৪ মাৰ্চ: বিটিআৰত পৰ্যটন ক্ষেত্ৰৰ বিকাশ, প্ৰচাৰ আৰু পৰ্যটকৰ আকৰ্ষণ কৰাৰ লক্ষ্যৰে হাতত লৈছে বিভিন্ন কাৰ্যসূচী । সেই অনুসৰি আজিৰে পৰা অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ কৰা হয় এক মটৰচাইকেল ৰেলী(Bike rally at BTR with an aim to attract tourists) । কোকৰাঝাৰৰ বিটিআৰৰ সচিবালয়ৰ পৰা আৰম্ভ কৰা হয় মটৰচাইকেল ৰেলীটো । এই মটৰচাইকেল ৰেলীত বিটিআৰ এলেকাৰ বিভিন্ন প্ৰান্তৰ ৩১ জনকৈ বাইকাৰ্চে অংশগ্ৰহণ কৰিছে ৷

বিটিআৰ পৰ্যটন বিভাগৰ(BTR Tourism Department) উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা এই মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিআৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাস আৰু কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে ৷ মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰাৰ পিছতে বিটিআৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে কয় যে ৰাজহ আদায় কৰিবলৈ হলে পৰ্যটন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব ।

কভিডৰ পিছত পৰ্যটন ক্ষেত্ৰই নতুনকৈ প্ৰাণ পাাই উঠিছে বুলি মন্তব্য কৰি কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে কয় যে পৰ্যটনে জিডিপি বৃদ্ধিৰ লগতে সংস্থাপনৰ বাট মুকলি কৰে । লগতে তেওঁ কয় যে পৰ্যটন এনে এটা উদ্যোগ যি এজন মানুহকে নহয়, বহুতৰে সংস্থাপনৰ বাট মোকলাই দিয়ে । BTC ক আগুৱাই নিবলৈ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবই লাগিব । BTC ৰ দৰে এটা সুন্দৰ স্থানৰ প্ৰচাৰ কৰাতো খুবেই প্ৰয়োজনীয় বুলিও উল্লেখ কৰে ।

ক'ভিডৰ পাছত মানস তথা ৰাইমোনা অভয়াৰণ্যলৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে । গতিকে খুব সুন্দৰকৈ যদি BTC ৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়া হয়, তেন্তে অৰ্থনৈতিক দিশত যথেষ্ট আগুৱাই যাব পাৰিব । উল্লেখ্য যে বিটিআৰৰ সচিবালয়ৰ পৰা বাহিৰ হোৱা মটৰচাইকেল ৰেলীটোয়ে বিটিআৰৰ কোকৰাঝাৰ জিলাৰ চক্ৰশীলা, ধীৰবিল, মহামায়া মন্দিৰ, ৰাইমনা ৰাষ্ট্ৰীয় অভয়াৰণ্য, বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্য(Manah National Sanctuary) আদিকে ধৰি বিটিআৰ এলেকাৰ বিভিন্ন পৰ্যটনস্থলী পৰিভ্ৰমণ কৰি ওদালগুৰী জিলাৰ ভৈৰৱকুণ্ডত মটৰ চাইকেল ৰেলীৰ সামৰণি পেলাব ৷

লগতে পঢ়ক: Haflong fire: যোৰহাট কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা ৰক্ষা পৰিল হাফলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.