কোকৰাঝাৰ, ২মে': ৰাজ্যজুৰি গৰুৰ লগতে গো-মাংসৰ ৰমৰমীয়া বেহা চলা বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰাৰ মাজতে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী মোক্ৰাপাৰাত ত্ৰিশ কিলোগ্ৰাম গো-মাংস উদ্ধাৰ হৈছে (Beef syndicate in Kokrajhar) ৷ এই ঘটনা সন্দৰ্ভত কোকৰাঝাৰ চহৰৰ চান্দামাৰিৰ বৰ্মনপাৰা গাঁৱৰ শ্যামল বৰ্মন নামৰ এগৰাকী ব্যক্তিয়ে ব্য়াখ্য়া কৰে (Beef seized in Kokrajhar)। শ্যামল বৰ্মনে উল্লেখ কৰা অনুসৰি যোৱা শনিবাৰে পুৱতি নিশা তেওঁৰ বাসগৃহৰ গোহালি ঘৰৰ পৰা এটা চোৰৰ দলে এহাল বলধ গৰু চুৰি কৰি নিয়ে ।
ইয়াৰ পিচতেই ঘটনা সন্দৰ্ভত বৰ্মনৰ পৰিয়ালে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে বিভিন্ন স্থানত বিচাৰ-খোচাৰ অব্যাহত ৰাখে (Smuggled cattle recovered in Kokrajhar) ৷ মঙলবাৰে মোক্ৰাপাৰাত পুৱা অজৱ আালী নামৰ এটা গৰু চোৰে কেইটামান সহযোগীৰ সহায়ত এটা গৰু বধ কৰি ইতিমধ্যে তাৰ মাংস পৰ্যন্ত বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহে ৷ লগতে মোক্ৰাপাৰাত আৰক্ষী উপস্থিত হৈ প্ৰায় ত্ৰিশ কিলোগ্ৰাম অৱশিষ্ট মাংস উদ্বাৰ কৰে ৷ অজৱ আলী সম্প্ৰতি পলাতক ৷
আনহাতে, কঠালগুৰিত শ্যামল বৰ্মনৰ ঘৰৰ পৰা চুৰ কৰি নিয়া আন এটা বলদ গৰু স্থানীয় ৰাইজৰ সহযোগত কোকৰাঝাৰ আৰক্ষীয়ে জীৱন্তে উদ্বাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে,বৰ্মনৰ লগতে মোক্ৰাপাৰা আৰু কঠালগুৰিৰ বাসিন্দা ৰাইজে অভিযোগ কৰি কয় যে, অজৱ আলীৰ লগত অতি কমেও আৰু সাত-আঠ জনীয়া এটা বৃহৎ গো-মাফিয়াই কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ গো-মাংসৰ বেহা চলাই আছে ৷ আনকি অজৱ আলীয়ে স্থানীয় গাঁওবাসীক অসামাজিক কাম-কাজত বাধা প্ৰদান কৰিলে ধমক, ভাবুকি প্ৰদান কৰে ৷ সেয়েহে ৰাইজে এনে ধৰণৰ দুস্কৃতিকাৰীক এনকাউন্টাৰ কৰিব লাগে বুলিও দাবী জনাইছে ৷
উল্লেখ্য যে, গো-মাফিয়াই হওঁক বা আন অবৈধ ব্যৱসায়েই হওঁক তেনে চক্ৰৰ সৈতে জড়িত অপৰাধীক কৰায়ক্ত কৰাৰ পিচতো কেনেকৈ পুনৰ ওলাই আহিব পাৰে বুলি ৰাইজে প্ৰশ্নৰ অৱতাৰণা কৰিছে । ৰাইজে এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকো সমালোচনা কৰে ।