ETV Bharat / state

কোকৰাঝাৰত বেটেলিয়ন কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰ জিলাৰ চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ বাবুৰাম টুডু (৪৫) নামৰ কনিষ্টবল জনৰ মৃতদেহ বৃহস্পতিবাৰে নিশা ক্ষত-বিক্ষত অৱস্থাত চৰাইখোলাৰ "টিলা" নামৰ ঠাইৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি ৷

author img

By

Published : Jun 18, 2021, 11:05 PM IST

deadbody recovered
কোকৰাঝাৰত বেটেলিয়ন কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰ ১৮ জুন: কোকৰাঝাৰ জিলাৰ চৰাইখোলাস্থিতল সপ্তম অসম আৰক্ষী বেটেলিয়নৰ বাবুৰাম টুডু (৪৫) নামৰ কনিষ্টবল জনৰ মৃতদেহ বৃহস্পতিবাৰে নিশা ক্ষত-বিক্ষত অৱস্থাত চৰাইখোলাৰ "টিলা" নামৰ ঠাইৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

আৰক্ষীৰ সূত্ৰৰপৰা জানিবপৰা মতে, চৰাইখোলাৰ টিলা নামৰ ঠাইৰ ৰাম টুডুৰ বাহগৃহত বৃহস্পতিবাৰে নিশা বাবুৰাম টুডুৰ সতে কেবাইগৰাকী ব্যক্তি এক আলোচনাত মিলিত হৈছিল। সেই আলোচনাই পিছলৈ কাজিয়াৰ ৰূপ লৈ ভয়ানক পৰিৱেশৰ সৃষ্টি হয় । তেওঁলোকৰ নিজৰ মাজতে সংঘটিত হোৱা উক্ত তীব্ৰ বাক-বিতণ্ডা আৰু কাজিয়াৰ মাজতে বাবুৰামক চোকা অস্ত্ৰৰে হত্যা কৰি পথৰ ওপৰত পেলাই থৈ যায় বাবুৰামৰ সৈতে আলোচনাত বহা সৰ্তীথই ৷

ইপিনে ঘটনা সংঘটি হোৱাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত সোধপোছৰ বাবে পাঁচজন লোকক আটক কৰিছে ৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে আটক কৰা তাৰে দুজন অভিযুক্ত ক্ৰমে ঋকনাথ হাসদা (২৩) আৰু হিটেন টুডু (২৮)ক পৰবৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী থানাত ৪৫০/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

সম্প্ৰতি এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কি দৰে সৰ্তীথই একে লগে আলোচনাত কৰি থকাৰ পাচতে নিজৰ মাজৰে এজনক নিৰ্মম ভাবে হত্যা কৰিব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷ সমগ্ৰ ঘটনাৰ সৰ্ন্দভত ইতিমধ্যে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যাতে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত অপৰাধীয়ে কঠোৰ শাস্তি পায় ৷

এই ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় দল সংগঠনৰ লগতে সচেতন ৰাইজে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে ৷ মৃত বাবুৰাম টুডুৰ গৃহত স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ তাৰসমান্তৰলভাবে মৃতকৰ পৰিয়ালে এই হত্যাকাণ্ডৰ লগত জড়িত আটাইকেইটা দোষীকে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায় আৰক্ষীক ৷

লগতে পঢ়কঃ বিলাসীপাৰা নয়াহাট আৰক্ষীৰ জালত ATM চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.