কোকৰাঝাৰ,11 মাৰ্চ : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে (Assam Police encounter)। এইবাৰ স্থান কোকৰাঝাৰ । গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam police encounter against ganja suppliers)। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰীটো ।
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ দলোগাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই এনকাউণ্টাৰ । আৰক্ষীৰ গুলীত আৰিফ খান নামৰ গাঞ্জা সৰবৰাহকাৰীটো গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে (Ganja supplier injured in police firing in Kokrajhar)। আহত হাৰিয়ানাৰ বিজাপুৰৰ আৰিফ খানক চিকিৎসাৰ বাবে কোকৰাঝাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
![Kokrajhar encounter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14700423_669_14700423_1646976936450.png)
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে তালাচী অভিযান চলাইছিল । সেই সময়তে মঙলদৈৰ খাৰুপেটীয়াৰ পৰা উত্তৰপ্ৰদেশৰ গোৰখপুৰ অভিমুখী HR-38-U-1778 নম্বৰৰ ট্ৰাক এখনত শ্ৰীৰামপুৰ আৰক্ষীৰ অভিযানকাৰী দলটোৱে তালাচী চলাই গাঞ্জাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই থোৱা অৱস্থাত 10 পেকেট অৰ্থাৎ 105 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । পাছত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক তথা গাঞ্জা সৰবৰাহকাৰী আৰিফ খানকো আটক কৰি জেৰা অব্যাহত ৰাখে ।
আৰক্ষীৰ জেৰাত চালক আাৰিফ খানে উক্ত গাঞ্জা সৰবৰাহৰ সৈতে গোসাইগাঁৱৰে আন এজন লোক জড়িত থকা বুলি স্বীকাৰ কৰে ৷ সেইমৰ্মে গাঞ্জা সৰবৰাহৰে জড়িত উক্ত লোকজনক আটক কৰাৰ বাবে আৰক্ষীয়ে আৰিফ খানক লগত লৈ গোসাইগাঁৱৰ দলোগাঁৱত উপস্থিত হয় ৷ তেতিয়াই আৰিফ খানে শ্ৰীৰামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পিষ্টল কাঢ়ি লোৱাৰ লগতে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি গুলীয়াবলৈ উদ্যত হৈ পৰে ৷
![Kokrajhar encounter](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14700423_404_14700423_1646978548349.png)
আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ গুলি অভিযুক্ত আৰিফ খানৰ বাওঁ ভৰিত গুলী লাগে ৷ ইফালে জব্দ হোৱা ট্ৰাকখনো নিশা কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে (Seized truck set on fire by miscreants at Kokrajhar)। প্ৰমাণ নষ্ট কৰাৰ বাবে ট্ৰাকখন জ্বলাই দিয়াৰ সন্দেহ কৰিছে একাংশ লোকে । ইফালে সমগ্ৰ ঘটনাক লৈ কোকৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।