কোকৰাঝাৰ ২ ডিচেম্বৰ: কোকৰাঝাৰ ৰামফলবিলৰ দুই শ্ৰমিক ক্ৰমে ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীক সোতৰ দিনৰ পাচত উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগৰ পৰা উদ্ধাৰ কৰাৰ পিচত শুকুৰবাৰে নিশা স্বগৃহত উপস্থিত হয় । নতুন দিল্লীৰ পৰা বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে কোকৰাঝাৰ জিলা প্ৰশাসনে দুই শ্ৰমিক ক্ৰমে ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীক নিজ জিম্মাত লৈ সসন্মানে গাড়ীৰে ঘৰলৈ লৈ আহে ।
বিগত প্ৰায় সাত মাহ ধৰি স্বগৃহলৈ অহা নাছিল ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী ৷ গভীৰ উৎকন্ঠা আৰু দুঃশ্চিন্তাৰ অন্ত পেলাই দুয়োজনে স্বগৃহত উপস্থিত হোৱাৰ পিচতে পত্নী, পুত্ৰ, পিতৃ-মাতৃৰ লগতে গাঁওবাসী আনন্দিত হৈ পৰে ৷ পৰিয়ালৰ লগতে স্থানীয় লোকে দুয়োকে আৰনাই আৰু ফুলৰে আদৰণি জনোৱাৰ উপৰি ফটকা ফুটাই হৰ্ষোল্লাস কৰে ৷
ইফালে প্ৰায় সাত মাহৰ পিচত ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীক কাষত পাই দুয়োজনৰ পৰিয়াল আনন্দত আত্মহাৰা হৈ পৰাৰ সমান্তৰালভাৱে আনন্দৰ চকুপানী নিগৰা পৰিলক্ষিত হয় ৷ পৰিয়ালৰ লোকে গাহৰি মাংস, ব্ৰইলাৰ, মাছ আদিকে ধৰি বিধে বিধে ব্যঞ্জনেৰে ভোজ-ভাতৰো আয়োজন কৰে ৷
ইপিনে ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী স্বগৃহত উপস্থিত হোৱাৰ পিচতে বিধায়ক লৰেন্স ইছলাৰী, কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীসহ বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই দুয়োকে আৰনাইৰে আদৰণি জনায় ৷ ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিধায়ক লৰেন্স ইছলাৰীৰ লগতে সকলোলৈকে গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।
ইপিনে স্বগৃহত উপস্থিত হোৱাৰ পিছতে ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীয়ে সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰি সোতৰটা দিন সুৰংগত আৱদ্ধ হৈ থকাটো অন্যান্য অভিজ্ঞতা বুলি মন্তব্য কৰে ।
লগতে পঢ়ক: ঘৰ পালেহি ৰামপ্ৰসাদ-সঞ্জয়