ETV Bharat / state

Pension Seva Kendra inaugurates: কোকৰাঝাৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী সিংঘালে - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পেঞ্চনাৰসকলৰ সুবিধাৰ্থে শুকুৰবাৰে ৰাজ্যৰ ২৭ টা স্থানত মুকলি কৰা হয় পেঞ্চন সেৱা কেন্দ্ৰ ৷ সেইমৰ্মে কোকৰাঝাৰতো মন্ত্ৰী অশোক সিংঘালে আনুষ্ঠানিকভাৱে মুকলি কৰে পেঞ্চন সেৱা কেন্দ্ৰ(Pension Seva Kendra inaugurates in Kokrajhar) । কেন্দ্ৰৰ যোগেদি বেংকলৈ নোযোৱাকৈ জীৱন প্ৰমাণ পত্র দিব পৰা যাব । ২ অক্টোবৰৰ পৰা অসম সচিবালয় সম্পূৰ্ণৰূপে পেপাৰমুক্ত হৈ পৰিব । সকলো কাম অনলাইন ব্যৱস্থাৰে হ'ব ।

ashok-singhal-inaugurates-pension-service-center-in-kokrajhar
কোকৰাঝাৰত মন্ত্ৰী অশোক সিংঘালৰ পেঞ্চন সেৱা কেন্দ্ৰ মুকলি
author img

By

Published : Jul 29, 2022, 9:34 PM IST

কোকৰাঝাৰ, 29 জুলাই : চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ৰাজ্যৰ ২৭ টা স্থানত মুকলি কৰা হয় পেঞ্চন সেৱা কেন্দ্ৰ ৷ সেইমৰ্মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ (মহানগৰ)ত প্ৰথমটো পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰাৰ(Assam CM inaugurates Pension Service Centre in Guwahati) পিছতেই কোকৰাঝাৰতো মন্ত্ৰী অশোক সিংঘালে পেঞ্চন সেৱা কেন্দ্ৰটিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে(Pension Seva Kendra inaugurates in Kokrajhar) ।

Ashok Singhal inaugurates Pension service center in Kokrajhar
কোকৰাঝাৰত মন্ত্ৰী অশোক সিংঘালৰ পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী অৰূপ কুমাৰ দে, বিটিআৰৰ শিক্ষা বিভাগৰ সঞ্চালক জে পি ব্ৰহ্মকে আদি কৰি বহু বিশিষ্ট অতিথিৰ উপস্থিতিত শুকুৰবাৰে মন্ত্ৰী অশোক সিংঘালে পেঞ্চন সেৱা কেন্দ্ৰটিৰ আনুষ্ঠানিকভাৱে মুকলি(Ashok Singhal inaugurates Pension service center in Kokrajhar)কৰি কয় যে, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এক অভিলাষী আঁচনি আৰু এই কৃতজ্ঞতা আঁচনিৰ যোগেদি অৱসৰগ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব ।

মুখ্যমন্ত্ৰীৰ দুৰদৰ্শী চিন্তাৰ পৰিণতিতে উক্ত আঁচনিয়ে আজি বাস্তৱ ৰূপ পালে ৷ লগতে এই পেঞ্চন সেৱা কেন্দ্ৰলৈ নিজ কামৰ বাবে অহা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল কোনো কাৰণতে যাতে বেয়া ব্যৱহাৰৰ সন্মুখীন নহয় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় মন্ত্ৰী অশোক সিংঘালে ৷

আনহাতে, সংবাদমাধ্যমৰ জৰিয়তে জেহাদীৰ কাৰ্যকলাপ আৰু মনোভাৱ সম্পূৰ্ণৰূপে নিৰ্মুল কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংঘালে । ইপিনে, কৃতজ্ঞতা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই(Pramod Boro in Kokrajhar) চৰকাৰৰ এয়া অতি সুন্দৰ পদক্ষেপ বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলে অতি সৰলভাৱে নিজৰ পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ।

আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বিটিআৰ চুক্তিৰ ৬.৩ নং দফা অনুসৰি বিটিআৰ এলেকাৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা হ'ব আৰু বিষয়টোৰ সন্দৰ্ভত আলোচনা অব্যাহত আছে বুলি সদৰী কৰে । শিক্ষামন্ত্ৰীৰ শেহতীয়া মন্তব্যৰ সৈতে বিটিআৰ এলেকাৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ কোনো সম্পৰ্ক নাই আৰু বিটিআৰ এলেকাৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ কাম চলি আছে বুলি সদৰী কৰে প্ৰমোদ বড়োই ।

কোকৰাঝাৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত জিলা উপায়ুক্ত বৰ্নালী ডেকা , শিক্ষা বিষয়া ক্ৰমে সৌমদৌন নাৰ্জাৰী , প্ৰদীপ গয়াৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Pension Sewa Kendra in Guwahati : ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.