কোকৰাঝাৰ, 2 জুলাইঃ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰৰ সভাপতিত্বত শুক্ৰবাৰে অনুষ্ঠিত হয় বানৰ ক্ষতিগ্ৰস্তৰ ওপৰত পৰ্যালোচনা মেল ৷ উক্ত মেলত উপস্থিত থাকি বানপানী ক্ষতিগ্ৰস্তৰ বুজ লয় অসমৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । জিলা প্ৰশাসনৰ উক্ত সভাত বিশেষকৈ জল সম্পদ, কৃষি , গড়কাপ্তানী আদিকে ধৰি বিভিন্ন বিভাগীয় বিষয়া সকলে উপস্থিত হৈ বান ক্ষতিগ্ৰস্তৰ বিষয়ে বিস্তৃতভাৱে সভাক অৱগত কৰে ৷ মেলত সভাপতিত্ব কৰি জিলা উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে বিভাগীয় বিষয়া সকলক বান ক্ষতিগ্ৰস্তৰ সম্পূৰ্ণ প্ৰতিবেদন অহা দহ আগষ্টৰ ভিতৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
কোকৰাঝাৰত বান ক্ষতিগ্ৰস্তৰ পৰ্যালোচনা সভা - Kokrajhar district administration
কোকৰাঝাৰত বানৰ ক্ষতিগ্ৰস্তৰ ওপৰত পৰ্যালোচনা সভা অনুষ্ঠিত কৰিলে জিলা প্ৰশাসনে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অলপতে হৈ যোৱা বানপানীত ক্ষতিগ্ৰস্তৰ ওপৰত এখন মেল অনুষ্ঠিত কৰে জিলা প্ৰশাসনে ৷
কোকৰাঝাৰ, 2 জুলাইঃ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰৰ সভাপতিত্বত শুক্ৰবাৰে অনুষ্ঠিত হয় বানৰ ক্ষতিগ্ৰস্তৰ ওপৰত পৰ্যালোচনা মেল ৷ উক্ত মেলত উপস্থিত থাকি বানপানী ক্ষতিগ্ৰস্তৰ বুজ লয় অসমৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । জিলা প্ৰশাসনৰ উক্ত সভাত বিশেষকৈ জল সম্পদ, কৃষি , গড়কাপ্তানী আদিকে ধৰি বিভিন্ন বিভাগীয় বিষয়া সকলে উপস্থিত হৈ বান ক্ষতিগ্ৰস্তৰ বিষয়ে বিস্তৃতভাৱে সভাক অৱগত কৰে ৷ মেলত সভাপতিত্ব কৰি জিলা উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে বিভাগীয় বিষয়া সকলক বান ক্ষতিগ্ৰস্তৰ সম্পূৰ্ণ প্ৰতিবেদন অহা দহ আগষ্টৰ ভিতৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সমান্তৰাল ভাৱে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অলপতে হৈ যোৱা বানপানীত ক্ষতিগ্ৰস্তৰ ওপৰত এখন মেল অনুষ্ঠিত কৰে জিলা প্ৰশাসনে ।
Body:কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত মেলত উপস্থিত থাকি বানপানী ক্ষতিগ্ৰস্তৰ বুজ লয় অসমৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । উক্ত মেলত বিশেষকৈ জল সম্পদ, কৃষি , পি ডব্লিউ ডি আদিকে ধৰি বিভিন্ন বিভাগীয় বিষয়া সকলে উপস্থিত হৈ বান ক্ষতিগ্ৰস্তৰ বিষয়ে বিস্তৃত ভাৱে জনাই । মেল সভাপতিত্ব কৰি জিলা উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে বিভাগীয় বিষয়া সকলক বান ক্ষতিগ্ৰস্তৰ সম্পুৰ্ণ প্ৰতিবেদন অহা দহ আগষ্টৰ ভিতৰতেই জিলা উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । উক্ত মেলতেই ঘোষকৰ বিষয়া তথা কোকৰাঝাৰ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত শঞ্জীত কুমাৰ শৰ্মাক ৰাজহুৱাকৈ ধমক দিয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । বিভাগীয় পুঁজিৰ আঁচনি পৰিদৰ্শন কৰা নামত পঞ্চাশ হেজাৰ ঘোষ খোৱা অভিযোগ তুলি এ চি এছ বিষয়াই খাই হজম কৰা পঞ্চাশ হেজাৰ ঘোষ ঘুৰাই দিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বানপানী ক্ষতিগ্ৰস্তৰ পৰ্যালোচনা মেলত ঘোষকৰ বিষয়াক ৰাজহুৱাকৈ ধমক দি ঘটনা সংক্ৰান্তত তদন্ত কৰিবলৈ জিলা উপায়ুক্তক দায়িত্ব দিয়ে মন্ত্ৰীগৰাকীয়ে ।
Conclusion:এইফালে মন্ত্ৰী গৰাকীৰ অভিযোগৰ ওপৰত তদন্ত কৰি দোষী প্ৰমাণিত হলে চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলি সদৰী কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে।