ETV Bharat / state

শ্ৰীৰামপুৰত কংগ্ৰেছত যোগদান দুই শতাধিক লোকৰ

শ্ৰীৰামপুৰ সমষ্টিৰ ফাইলাগুৰিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাৰ আয়োজন । বিজেপি, অবড়ো সুৰক্ষা সমিতি আৰু বিপিএফ দল ত্যাগ কৰি দুই শতাধিক লোকে গ্ৰহণ কৰিলে কংগ্ৰেছৰ সদস্যপদ । কংগ্ৰেছৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ সমৰ্থনত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ অংশগ্ৰহণ ।

author img

By

Published : Nov 16, 2020, 10:48 PM IST

শ্ৰীৰামপুৰত কংগ্ৰেছত যোগদান দুই শতাধিক লোকৰ
শ্ৰীৰামপুৰত কংগ্ৰেছত যোগদান দুই শতাধিক লোকৰ

কোকৰাঝাৰ, ১৬ নৱেম্বৰ: বিটিচিত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণগতিত চলাইছে ৰাজনৈতিক দলসমূহে । সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছে জ্যেষ্ঠ নেতাই । এই ক্ষেত্ৰত কংগ্ৰেছো পিছপৰি ৰোৱা নাই । বিটিচিৰ ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত তথা আদিবাসী অধ্যুষিত ফাইলাগুৰি(মাছখেলি)ত কংগ্ৰেছ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ সমৰ্থনত সোমবাৰে প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত বিজেপি, অবড়ো সুৰক্ষা সমিতি আৰু বিপিএফ দল এৰি দুই শতাধিক সদস্যই কংগ্ৰেছ দলত যোগদান কৰে ।

হাতীধুৰা ব্লক কংগ্ৰেছৰ সম্পাদক মিখেল মুৰ্মুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে শ্ৰীৰামপুৰৰ পৰা সজল কুমাৰ সিংহৰ জয় নিশ্চিত বুলি দাবী কৰে । তেওঁ সাংবাদিকৰ আগত কয় যে, 'কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সকলো জাতি-জনগোষ্ঠীৰ সমৰ্থন লাভ কৰি বিপুল ভোটত জয়ী হোৱাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ এতিয়া কেৱল উপযুক্ত সময়লৈ অপেক্ষা কৰিব লাগিব ।' লগতে তেওঁ কয় যে, বিৰোধী দল তথা একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে এই বিষয়টো উপলদ্ধি কৰিছে । যাৰ ফলত সজল সিংহৰ বিৰুদ্ধে তেওঁলোক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে ।

৩ দিন পূৰ্বে শ্ৰীৰামপুৰ সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া কৰে বিধায়কগৰাকীয়ে । তেওঁ কয় যে, 'বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সাম্প্ৰদায়িক বক্তব্য দি যোৱা ঘটনাই প্ৰমাণ কৰিছে যে, সজল কুমাৰ সিংহক তেওঁলোকে ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাত ব্যৰ্থ হৈ এতিয়া ভয় ভাবুকি দিবলৈ ধৰিছে ।' লগতে নিৰ্দলীয় প্ৰাৰ্থী দি ভোট বিভাজন কৰাৰ অপচেষ্টাক প্ৰতিহত কৰাৰ বাবে আহ্বান জনায় ৱাজেদ আলী চৌধুৰীয়ে ।

লগতে পঢ়ক:নাওবৈচাত নৱ সঞ্জীৱনীৰ উদ্যোগত কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.