কোকৰাঝাৰ, 14 ফেব্ৰুৱাৰীঃ বেংগলী যুৱ ছাত্ৰ পৰিষদৰ পৰা অব্যাহতি অৰবিন্দ শীলৰ ৷ সদৌ বিটিএডি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অৰবিন্দ শীলে স্বেচ্ছাই অব্যাহতি লয় নিজৰ পদবীৰ পৰা ৷ এক বিবৃতিযোগে এই কথা ঘোষণা কৰে মুখপাত্ৰগৰাকীয়ে ৷ বিগত দহ বছৰ ধৰি দলীয় সাংগঠনিক কাৰ্যকলাপত নিজকে জড়িত ৰাখি জাতীয় স্বাৰ্থত কাম কৰি অহা শীলে ব্যক্তিগত বিশেষ অসুবিধাৰ বাবে স্বেচ্ছাই সংগঠনৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে ৷
উল্লেখ্য যে সদৌ বিটিএডি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰে পৰা জড়িত অৰবিন্দ শীল শোলমাৰা শাখা সমিতি সম্পাদকৰ দায়িত্বত থকাৰ উপৰিও ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ শিক্ষা সচিৱ তথা কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতিৰ পদ শুৱনি কৰিছিল ৷