ETV Bharat / state

পুনৰ কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

বিটিচিত এতিয়াও জব্দ হৈ আছে বৃহৎ বৃহৎ পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ ৷ বুধবাৰে পুনৰ কোকৰাঝাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ লাউটি এলেকাত এক অভিযান চলাই মাটিৰ তলত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে এই অবৈধ অস্ত্ৰ-শস্ত্ৰ ৷

armas recovered at kokrajhar
পুনৰ কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ
author img

By

Published : Jan 27, 2021, 7:41 PM IST

কোকৰাঝাৰ, ২৭ জালুৱাৰী : বুধবাৰৰ পুৱতি নিশা কোকৰাঝাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ কোকৰাঝাৰ জিলাৰ উত্তৰাঞ্চলৰ লাউটি এলেকাত এক অভিযান চলাই মাটিৰ তলত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে এই অবৈধ অস্ত্ৰ-শস্ত্ৰখিনি ৷

জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত আছে এটা এ.কে 56 ৰাইফল, এটা এ.কে 47 ৰাইফল, এটা পিষ্টল, তিনিটা এ.কে ৰাইফলৰ মেৰ্গজিন, এটা পিষ্টলৰ মেৰ্গজিন আৰু 7.62 এম.এমৰ 51 জাই গুলী ৷

armas recovered at kokrajhar
পুনৰ কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

ইফালে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনে কয়, এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত মাজনিশা 2 মান বজাত কোকৰাঝাৰ আৰক্ষীৰ দলে জিলা খনৰ কাৰিগাঁও উপ আৰক্ষী চকীৰ অন্তগৰ্ত লাউটি অঞ্চলত এক অভিযান চলায় ৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেতৃত্বত এই অভিযান চলোৱা হয় বুলি জানিবলৈ দিয়ে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ৷

প্ৰায় তিনি ঘণ্টা ধৰি অভিযান চলোৱাৰ পিচত বুধবাৰে পুৱা 5 বজাত আৰক্ষীয়ে মাটিৰ তলত পুটি থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ খিনি বি.এ.এল.টিৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ অধিক তথ্য সন্ধানত কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক: অপহৃত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’ব আলফা(স্বা)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.