ETV Bharat / state

ছানা উল্লাহ আৰু মধুবালা মণ্ডলৰ পাছত আন এগৰাকী বৃদ্ধ

author img

By

Published : Jul 2, 2019, 3:19 PM IST

Updated : Jul 2, 2019, 4:18 PM IST

সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী সত্তৰোৰ্ধৰ বৃদ্ধ ৷ যাৱতীয় সকলো নথি পত্ৰ থকাৰ পাছতো ডেৰ মাহৰ পূৰ্বে প্ৰেৰণ কৰিলে ডিটেনশ্বন কেম্পলৈ ৷

সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী সত্তৰোৰ্ধ বৃদ্ধ

গোসাইগাঁও,2 জুলাই : আকৌ এবাৰ পোহৰলৈ আহিল বিদেশী ন্যায়াধীকৰণৰ নামত হাৰাশাস্তি হোৱা এক হৃদয় বিদাৰক ঘটনা ৷ এন আৰ চি খচৰাত নাম থকা সত্বেও ডিটেনশ্বন কেম্পলৈ যাব লগীয়া হ'ল নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ২ নম্বৰ জয়মাগুৰী গাঁৱৰ বাসিন্দা আনোৱাৰ উদ্দিন শ্বেখ ওৰফে ভোগদুল নামৰ এগৰাকী বৃদ্ধ ৷ আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ প্ৰদান নকৰি সীমান্ত আৰক্ষীয়ে প্ৰায় ডেৰমাহৰ পূৰ্বে ভোগদুলক প্ৰেৰণ কৰিলে ডিটেনশ্বন কেম্পলৈ ৷ ঠেলা চলাই পৰিয়াল পোহ-পাল দিয়া বৃদ্ধ গৰাকীয়ে বৰ্তমান নামৰ বিভ্ৰান্তিৰ বাবেই স্বদেশী হৈও বিদেশীৰ অপবাদ লৈ বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে ৷ ৰাইজৰ বিৱৰণী অনুসৰি,ভোগদুল নামেৰে গাঁওখনত পৰিচিত আনোৱাৰৰ ওচৰত যাৱতীয় নথি-পত্ৰ,ভোটাৰ কাৰ্ড,ৰেচন কাৰ্ড থকাৰ লগতে ১৯৭১ চনৰ লিগেচী ডাটাতো নাম সন্নিবিষ্ট আছে। সকলোৰে আগত ভোগদুল হিচাপে পৰিচিত হোৱা বাবেই সন্দেহজনক নাগৰিক সজাই সীমান্ত আৰক্ষীয়ে তেওঁক বন্দী কৰি ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে ৷

সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী সত্তৰোৰ্ধ বৃদ্ধ

১৯৭১ চনৰ বহু পূৰ্বৰে পৰা গাঁও খনত বসবাস কৰা লোকজনৰ পত্নী আৰু স্বামী জীয়ৰীয়ে বৰ্তমান ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷ পৰিয়ালটোৰ এনে দূৰ্দশা প্ৰত্যক্ষ কৰি গাঁৱৰ জ্যেষ্ঠ নাগৰিক সকলে বিদেশী ন্যায়াধীকৰণ আৰু সীমান্ত আৰক্ষীক তীব্ৰ সমালোচনা কৰে।

গোসাইগাঁও,2 জুলাই : আকৌ এবাৰ পোহৰলৈ আহিল বিদেশী ন্যায়াধীকৰণৰ নামত হাৰাশাস্তি হোৱা এক হৃদয় বিদাৰক ঘটনা ৷ এন আৰ চি খচৰাত নাম থকা সত্বেও ডিটেনশ্বন কেম্পলৈ যাব লগীয়া হ'ল নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ২ নম্বৰ জয়মাগুৰী গাঁৱৰ বাসিন্দা আনোৱাৰ উদ্দিন শ্বেখ ওৰফে ভোগদুল নামৰ এগৰাকী বৃদ্ধ ৷ আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ প্ৰদান নকৰি সীমান্ত আৰক্ষীয়ে প্ৰায় ডেৰমাহৰ পূৰ্বে ভোগদুলক প্ৰেৰণ কৰিলে ডিটেনশ্বন কেম্পলৈ ৷ ঠেলা চলাই পৰিয়াল পোহ-পাল দিয়া বৃদ্ধ গৰাকীয়ে বৰ্তমান নামৰ বিভ্ৰান্তিৰ বাবেই স্বদেশী হৈও বিদেশীৰ অপবাদ লৈ বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে ৷ ৰাইজৰ বিৱৰণী অনুসৰি,ভোগদুল নামেৰে গাঁওখনত পৰিচিত আনোৱাৰৰ ওচৰত যাৱতীয় নথি-পত্ৰ,ভোটাৰ কাৰ্ড,ৰেচন কাৰ্ড থকাৰ লগতে ১৯৭১ চনৰ লিগেচী ডাটাতো নাম সন্নিবিষ্ট আছে। সকলোৰে আগত ভোগদুল হিচাপে পৰিচিত হোৱা বাবেই সন্দেহজনক নাগৰিক সজাই সীমান্ত আৰক্ষীয়ে তেওঁক বন্দী কৰি ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে ৷

সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী সত্তৰোৰ্ধ বৃদ্ধ

১৯৭১ চনৰ বহু পূৰ্বৰে পৰা গাঁও খনত বসবাস কৰা লোকজনৰ পত্নী আৰু স্বামী জীয়ৰীয়ে বৰ্তমান ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷ পৰিয়ালটোৰ এনে দূৰ্দশা প্ৰত্যক্ষ কৰি গাঁৱৰ জ্যেষ্ঠ নাগৰিক সকলে বিদেশী ন্যায়াধীকৰণ আৰু সীমান্ত আৰক্ষীক তীব্ৰ সমালোচনা কৰে।

Intro:ৰাজ্যত পুনৰ ভাৰতীয় নাগৰিকক বিদেশী সজাই বন্দী শিৱিৰলৈ নিক্ষেপঃ সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী বৃদ্ধঃ

গোসাইগাঁও 2 জুলাইঃবিদেশী ন্যায়াধিকৰণৰ একাংশ বিষয়া আৰু সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বাবে প্ৰকৃত ভাৰতীয় নাগৰিক যে হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে সেয়া প্ৰাক্তন সেনা বিষয়া ছানা উল্লাহ আৰু বিজনীৰ বৃদ্ধা মধুবালা মণ্ডলৰ ঘটনাই প্ৰমাণ কৰি দিছে। সীমান্ত আৰক্ষীৰ অতি তৎপৰতাৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰকৃত ভাৰতীয় নাগৰিকে হাৰাশাস্তি পোৱাই নহয় বহুতে বিদেশীৰ অপৱাদত বন্দী শিৱিৰত আৱদ্ধ হৈ থাকিব লগীয়া হৈছে। সীমান্ত আৰক্ষীয়ে সঠিকভাৱে তদন্ত নকৰাকৈয়ে প্ৰকৃত ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজাই বন্দী শিৱিৰলৈ নিক্ষেপ কৰাৰ একাধিক ঘটনা উন্মোচিত হোৱাৰ পাছত এইবাৰ নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱতো এনে এক হৃদয় বিদাৰক ঘটনা পোহৰ লৈ আহিছে।গোসাঁইগাঁও থানাৰ সীমান্ত আৰক্ষীৰ অতি তৎপৰতা আৰু অবিবেচক কাণ্ডৰ ফলত এন আৰ চিৰ খচৰাত নাম থকা সত্বেও কেৱল নামৰ বিভ্ৰাটৰ বাবে কাৰাগাৰত যাব লগীয়া হ'ল এগৰাকী ভাৰতীয় নাগৰিকক। প্ৰাপ্ত বাতৰি মতে গোসাঁইগাঁও মহকুমাৰ ২ নম্বৰ জয়মাগুৰী গাঁৱৰ এগৰাকী বৃদ্ধৰ গাঁৱত মতা নামটোৱে জীৱনলৈ নমাই আনিল ঘোৰ অমানিশা।বিদেশী ন্যয়াধিকৰণৰ নিৰ্দেশত সত্তৰোৰ্ধ এগৰাকী বৃদ্ধক নিজৰ আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ নিদি সীমান্ত আৰক্ষীয়ে ধৰি বন্দী শিৱিৰলৈ প্ৰেৰণ কৰাৰ ঘটনাটো প্ৰায় ডেৰমাহৰ পিছত পোহৰ লৈ আহে।আৰক্ষীয়ে পৰিয়াল তথা স্হানীয় লোকক বিষয়টো ৰাজহুৱা নকৰিবলৈ কয় আৰু তাৰ বাবে ইমান দিনে বিষয়টো পোহৰ লৈ অহা নাই। ঠেলা চলাই পৰিয়ালক ভৰণ পোষণ দিয়া বৃদ্ধ গৰাকীৰ নামৰ বিভ্ৰাটৰ বাবে স্বদেশী হৈও বিদেশীৰ অপবাদ লৈ বন্দিত্বৰ জীৱন কটাবলগীয়া ঘটনাই ৰাইজক উদ্বিগ্ন কৰি তোলাৰ লগতে উক্ত ঘটনাই আৰক্ষীৰ অমানৱীয় ৰূপটো পুনৰ উদঙাই দিছে। জানিব পৰা মতে, গোসাঁইগাঁও মহকুমাৰ দুই নম্বৰ জয়মাগুৰি গাঁৱৰ বাসিন্দা প্ৰয়াত আব্দুল আলীৰ পুত্ৰ আনোৱাৰ উদ্দিন শ্বেখ (৭৩) ক গোসাঁইগাঁও থানাৰ সীমান্ত আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জনে প্ৰায় ডেৰ মাহ পূৰ্বে শাৰীৰিকভাৱে অসুস্হ এই বৃদ্ধগৰাকীক মিছা কথা কৈ থানালৈ মাতি আনি কোকৰাঝাৰ লৈ নিয়াৰ পাছত তেওঁক বন্দী শিৱিৰত পঠাই দিয়ে বুলি অভিযোগ কৰিছে চুবুৰীয়া সকলে।ঘটনাৰ বিবৰণী মতে এই লোকজনক গাঁৱৰ ৰাইজে ভগদুল বুলি মাতে আৰু তেওঁৰ সঠিক নাম সম্পৰ্কেও বহুতে নাজানে।ভোগদুল বুলি জনাজাত লোকজনৰ প্ৰকৃত নাম হৈছে আনোৱাৰ উদ্দিন শ্বেখ।তেওঁৰ যাৱতীয় নথি-পত্ৰ, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন, আদি কৰি সকলোতে উল্লেখ আছে আনোৱাৰ উদ্দিন শ্বেখ। তেওঁক যদিও গাঁওবাসীয়ে ভগদুল বুলি মাতে কিন্তু সেই নামত কোনো নথি পত্ৰ আৰু কাগজ নাই। ১৯৭১ চনৰ লিগেচী ডাটাতো আনোৱাৰ উদ্দিন শ্বেখৰ নাম সন্নিবিষ্ট আছে। ভাৰতীয় নাগৰিক হিচাপে অন্যান্য তথ্য- পাতি থকা উপৰি ভোটাৰ হিচাপে তেওঁ নিয়মীয়াভাৱে ভোট প্ৰদান কৰি আহিছে। তদুপৰি ভোগদুল বুলি পৰিচিত লোকজন আনোৱাৰ উদ্দিনৰ নামতে ইতিমধ্যে বৃদ্ধ পেঞ্চন লাভ কৰিছে। আন কি এন আৰ চিৰ খচৰাতো লোকজনৰ নাম অন্তৰ্ভুক্ত হৈছে। গাঁওবাসীয়ে প্ৰকাশ কৰা মতে ১৯৮০ - ৮৫ চনত হোৱা লোক পিয়লৰ সময়ত চৰকাৰী বিষয়া সকলে গাঁৱৰ এটা চুকত বহি চুবুৰীয়া মানুহৰ নাম তালিকাভুক্ত কৰি নিয়াৰ সময়ত আনোৱাৰ উদ্দিন শ্বেখ উক্ত স্থানত উপস্থিত হোৱাৰ পূৰ্বেই গাঁৱৰ একাংশই আনোৱাৰৰ পৰিৱৰ্তে ভগদুল বুলি চৰকাৰী বিষয়াক অৱগত কৰাত আৰু সেই নামটোকে তালিকাভুক্ত কৰি লৈ যায়। পূৰ্বৰে পৰা ভগদুল বুলি মাতি অহা নামটো তেতিয়াৰ পৰাই চৰকাৰী ভাবে তালিকা ভুক্ত হয় যদিও সেই নামত স্বাভাৱিকতে তেওঁৰ হাতত কোনো নথি নাছিল। জৰিপ হোৱাৰ দীৰ্ঘদিনৰ পাছত প্ৰায় চাৰি পাঁচ বছৰ পূৰ্বে দুই নম্বৰ জয়মাগুৰি গাঁৱৰ নিবাসী আনোৱাৰ উদ্দিন শ্বেখকে ভগদুল শ্বেখৰ ডি ভোটাৰৰ জাননী খন সীমান্ত আৰক্ষীয়ে দি আহে। জাননী লাভ কৰি আনোৱাৰ উদ্দিন শ্বেখে যাবতীয় তথ্য পাতি লৈ গোসাঁইগাঁৱৰ তদানীন্তন সীমান্ত আৰক্ষী বিষয়াৰ ওচৰত যায় আৰু তেওঁৰ গাঁৱলীয়া নাম ভোগদুল যদিও তেওঁৰ প্ৰকৃত নাম আনোৱাৰ উদ্দিন শ্বেখ বুলি জনায় আৰু এখন শপতনামাও দাখিল কৰে।কিন্তু অশিক্ষিত তথা ভিক্ষাৰী এই লোকজনৰ কোনো কথাত কাণ দিয়া নাছিল সীমান্ত আৰক্ষীয়ে। যাৰ ফলত সেই সময়ৰ পৰা ডি ভোটাৰৰ নামত লোকজনৰ বিৰুদ্ধে বিদেশী ন্যয়াধিকৰণৰ আদালতত সময়ে সময়ে চলি থাকিল তদন্ত আৰু শুনানি। ভগদুলৰ নামত শুনানি চলি থাকিল কিন্তু আনোৱাৰে ভোগদুলৰ নামত এখনো নথি দেখুৱাব পৰা নাছিল।ফলত ভোগদুলৰ গোচৰত আনোৱাৰকে গ্ৰেপ্তাৰ কৰি জেলত পঠোৱা হ'ল।ইপিনে এসময়ত ঠেলা চলোৱা আনোৱাৰে বৰ্তমানে ভিক্ষা কৰি নিজৰ পত্নী আৰু স্বামী পৰিত্যক্তা এগৰাকী জীয়ৰীৰ ভৰণপোষণ দি থকা অৱস্হাত ডি ভোটাৰৰ গোচৰত অভিযুক্ত হৈ হতাশাত ভাগি পৰে।এনে পৰিস্হিতিত গাঁৱৰ একাংশ ৰাইজে আৰ্থিক দিশত অতি জুৰুলা অসহায় এই বৃদ্ধ গৰাকীক সহায় কৰি নাম বিভ্ৰাটৰ বিষয়টো মিমাংসা কৰাৰ বাবে ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ দি আদালতত এখন আৱেদন কৰে। কিন্তু ভোগদুলৰ গোচৰটো চলি থকাৰ ফলত তেওঁক কোকৰাঝাৰ বিদেশী ন্যায়াধিকৰণৰ পৰা চমন আহে।চমন পাই অৰ্থৰ অভাৱত তেওঁ আদালতত হাজিৰা দিব পৰা নাই।কৰ্ম কৰিবলৈ অক্ষম আনোৱাৰ উদ্দিনে অৰ্ধাহাৰে অনাহাৰে জীৱন কটোৱাৰ পাছত টকাৰ অভাৱত উক্ত গোচৰ চলাবলৈ অক্ষম হয় আৰু ইপিনে দিনক দিনে বয়স বৃদ্ধি হোৱাত শাৰীৰিকভাৱে অসুস্হ হৈ পৰে।ইপিনে বিদেশী ন্যায়াধিকৰণৰ আদালতে ডি ভোটাৰ সকলক গ্ৰেপ্তাৰ কৰি জেলত পঠোৱাৰ নিৰ্দেশ দিয়াৰ পাছত ভোগদুলৰ নামত বিদেশীৰ জাননী জাৰি হোৱাত আনোৱাৰ উদ্দিনকে আৰক্ষীয়ে আটক কৰি ভোগদুলৰ গোচৰত বন্দী শিৱিৰ লৈ প্ৰেৰণ কৰে। গাৱৰ বাসিন্দা সাহাবুদ্দিন আলীয়ে জনোৱা মতে যোৱা পাঁচ মে তাৰিখে গোসাঁইগাঁও থানাৰ সীমান্ত আৰক্ষীয়ে এন আৰ চিৰ নথিত নামৰ খেলিমেলি থকা বুলি আনোৱাৰ উদ্দিনক খবৰ দিয়ে আৰু থানাত যাবলৈ কয়। আৰক্ষীৰ উক্ত জাননীৰ ওপৰত ভৰসা কৰি আনোৱাৰ উদ্দিন শ্বেখে নিজৰ কাগজ পাতি লৈ গোসাঁইগাঁও থানাত যায়।থানাত বহু সময় বহুৱাই ৰাখি অৱশেষত সীমান্ত আৰক্ষীয়ে নিৰীহ তথা প্ৰকৃত ভাৰতীয় লোকজনক গ্ৰেপ্তাৰ কৰি নিশা কোকৰাঝাৰ বন্দী শিৱিৰ লৈ প্ৰেৰণ কৰে। পুত্ৰহীন এই বৃদ্ধ জন জীৱনৰ অন্তিম সময়ত , মানুহৰ ঘৰত কাম কৰি কেতিয়াবা আনৰ ওচৰত খুজি চাৰিজনীয়া সদস্যৰ পৰিয়ালক চলাই আহিছে যদিও তেওঁ বিদেশী বুলি বন্দী হৈ পৰাত পৰিয়াল লৈ এক অমানিশাৰ অন্ধকাৰ নামি আহিছে।পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বন্দীশিৱিৰত আৱদ্ধ হোৱাৰ পাছত অনাহাৰে অনিদ্ৰাই দিন কটাবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটোৰ । গাঁওবাসীৰ পৰা মাগি খুজি পেটৰ ভাত মুঠি যোগাৰ কৰি কোনোমতে জীয়াই আছে আনোৱাৰৰ পত্নী আৰু স্বামী পৰিত্যক্তা জীয়ৰীয়ে।পৰিয়ালটোৰ এনে দূৰ্দশা প্ৰত্যক্ষ কৰি গাঁৱৰ জ্যেষ্ঠ নাগৰিক সকলে বিদেশী ন্যায়াধিকৰণ আৰু সীমান্ত আৰক্ষীৰ তীব্ৰ সমালোচনা কৰে।দৰিদ্ৰ অশিক্ষিত লোকক বিদেশী সজাই কাৰাগাৰত আটক কৰি বীৰত্ব দেখুওৱা আৰক্ষীৰ কেতিয়া গৈ লাজ হ'ব বুলি প্ৰশ্ন কৰে। ডি ভোটাৰৰ নামত আটক কৰা সকলৰ অধিকাংশ ভাৰতীয় নাগৰিক বুলি এটা সমীক্ষাতো প্ৰকাশ পাইছে।উক্ত ঘটনাটোৱে আকৌ সীমান্ত আৰক্ষীৰ অবিবেচনাকে প্ৰতীয়মান কৰিছে বুলি স্হানীয় ৰাইজৰ অভিমত। ১৯৭১ চনৰ বহু পূৰ্বৰে পৰা লোকজন উক্ত গাঁৱত বসবাস কৰাই নহয় তেওঁৰ বৈধ ভাৰতীয় নাগৰিকৰ উপযুক্ত তথ্য প্ৰমান থকাৰ পাছতো সীমান্ত আৰক্ষীয়ে ডিটেন্চন কেম্পত প্ৰেৰণ কৰাৰ ঘটনাই ৰাইজক আতংকিত কৰাৰ লগতে অসম চৰকাৰৰ বিফলতাকে প্ৰমাণিত কৰিছে বুলি ৰাইজৰ অভিযোগ। Body: সীমান্ত আৰক্ষী তথ্য পাতি পৰীক্ষা নকৰি আৰু গাঁওবাসীৰ ভাষ্য নলৈ এগৰাকী ভাৰতীয় নাগৰিকক জেলত প্ৰেৰণ কৰাৰ ঘটনা পোহৰ লৈ অহাৰ পাছত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।Conclusion:ভাৰতীয় লোকজনক শীঘ্ৰে মোকোলাই দিবলৈ গাঁৱৰ ৰাইজ তথা বিভিন্ন সংগঠনে দাবী জনোৱাৰ লগতে মিছা অপবাদ দি নিৰীহ লোকক ডি ভোটাৰৰ নামত যাতে সীমান্ত আৰক্ষীয়ে হাৰা শাস্তি নকৰে তাৰ বাবে অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।

বিশ্বজিৎ চৌধুৰী ,গোসাইগাঁও
Last Updated : Jul 2, 2019, 4:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.