ETV Bharat / state

Anganwadi worker-helper protest: কোকৰাঝাৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা - Thousands of Anganwadi workers protest

কোকৰাঝাৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণা ৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ৷ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মাননি বৃদ্ধি কৰা আৰু  অংগনৱাড়ী কৰ্মী সহায়িকাক গ্ৰেছুইটি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

Anganwadi worker-helper strike in Kokrajhar
কোকৰাঝাৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:54 PM IST

কোকৰাঝাৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

কোকৰাঝাৰ,৫ অক্টোবৰ: অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই নিজ দাবীৰ সমৰ্থনত যোৱা তিনি অক্টোবৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা ধৰ্ণা-বিক্ষোভ কাৰ্যসূচীৰ ফলত অচল হৈ পৰিছে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহ । অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মাননি বৃদ্ধি কৰা, অৱসৰ গ্ৰহণ কৰাসকলৰ এককালীন সাহায্য অহা ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰা, অসমৰ অংগনৱাড়ী কৰ্মী সহায়িকাক গ্ৰেছুইটি দিয়াৰ ব্যৱস্থা কৰা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আৰম্ভ কৰা আন্দোলনে আজি তৃতীয় দিনত ভৰি দিয়ে ।

কোকৰাঝাৰ জিলাত যোৱা তিনিটা দিনত সমূহ অংগনৱাড়ী কেন্দ্ৰ অচল হৈ পৰিছে । ইপিনে বৃহস্পতিবাৰে কোকৰাঝাৰত সদৌ অসম অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত ধৰ্ণা কাৰ্যসূচীত শ শ অংগনৱাড়ী কৰ্মী-সহায়িকাই বিজেপি গ' বেক , অসম চৰকাৰৰ হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও তীব্ৰ বিষোদগাৰ কৰি কোকৰাঝাৰৰ এগৰাকী অংগনাৱাড়ী কৰ্মী ৰীতা দত্তই কয়, "মামাই হেনো দুখীয়াৰ ফালে চায়, কিন্তু মামাই আমাক নাচায় কিয় ?"

অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মাননি বৃদ্ধি কৰা , সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা, কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদত প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰা, সকলো কেন্দ্ৰ সমূহৰ আন্তঃগাথঁনিক সুনিশ্চিত কৰা আদি দাবীসমুহ পূৰণ কৰিবলৈ সন্থাই দাবী উত্থাপন কৰে । সন্থাৰ দাবী পূৰণাৰ্থে অহা ৭ অক্টোবৰলৈ বিভিন্ন ঠাইৰ শিশু উন্নয়ন প্ৰকল্পত ধৰ্ণা, ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ জিলাভিত্তিক ধৰ্ণা আৰু ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ ৰাজ্যিক পৰ্যায়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সদৰী কৰে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ কোকৰাঝাৰ জিলা সমিতিয়ে ।

উল্লেখ্য যে, অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে অতি নুন্যতম মাননিৰে কাম কৰি আছে যদিও বিভাগে টীকাকৰণকে ধৰি আন বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক ব্যৱহাৰ কৰি আহিছে । তেওঁলোকৰ কামৰ বোজা বৃদ্ধি পাইছে যদিও চৰকাৰে মাননি বঢ়াই নিদিয়াত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল ক্ষুব্ধ হৈ পৰিছে ।

লগতে পঢ়ক: AAMSU protest in Lakhimpur: ভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.