ETV Bharat / state

অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে কোকৰাঝাৰত অঘটন

author img

By

Published : Jan 23, 2021, 10:04 PM IST

কোকৰাঝাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে অঘটন । অমিত শ্বাহৰ ভ্ৰমণৰ আগমুহূৰ্ততে কোকৰাঝাৰৰ দেবৰগাঁৱত দুস্কৃতিকাৰীয়ে ভাঙি-চিঙি লণ্ড-ভণ্ড কৰিলে অমিত শ্বাহৰ আদৰণি বেনাৰ ৷

As_kjr_amit-sah-welcome-banner-torn-at-kokrajhar_img_asc10044
অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে কোকৰাঝাৰত অঘটন

কোকৰাঝাৰ,23 জানুৱাৰী: কোকৰাঝাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে অঘটন । অমিত শ্বাহৰ ভ্ৰমনৰ আগমুহূৰ্ততে কোকৰাঝাৰৰ দেবৰগাঁৱত দুস্কৃতিকাৰীয়ে ভাঙি-চিঙি লণ্ড-ভণ্ড কৰিলে অমিত শ্বাহৰ আদৰণি বেনাৰ ৷ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ শনিবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত কয়, দেওবাৰে কোকৰাঝাৰলৈ আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ ভ্ৰমণক সহজভাৱে ল’ব পৰা নাই এক বিশেষ চক্ৰই ৷ যাৰবাবে অমিত শ্বাহক আদৰাৰ সলনি বেনাৰ পোষ্টাৰ ভাঙি-চিঙি লণ্ড-ভণ্ড কৰিছে ৷ শান্তি ঘূৰি অহা বিটিআৰত একাংশই এতিয়াও সহজভাবে গ্ৰহণ কৰিব নোৱাৰাটো অসহিষ্ণুতা আৰু হিংসুক মানসিকতাৰ পৰিচয় বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে ৷

অশান্তি বিয়পাব বিচৰা বিশেষ চক্ৰটোৰ দাদাগিৰি আৰু সহ্য কৰা নহ’ব বুলি সকীয়াই দিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ আৰু সেয়েহে জনগসাধাৰণক তেনে ধৰণৰ অশান্তি সৃষ্টি কৰা ব্যক্তি সকলক চিনাক্ত কৰি তেওঁলোকক বৰ্জন কৰাৰ বাবে আহ্বান জনায় ৷ আনহাতে, গৃহমন্ত্ৰীৰ ভ্ৰমণ কালত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিলে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি কয় মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷ ইয়াৰ উপৰিও দেওবাৰৰ গৃহমন্ত্ৰীৰ সভাত সকলো ৰাইজকে উপস্থিত হ’বলৈ আহ্বান জনায় । উল্লেখ্য যে, বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে 24 জানুৱাৰীত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক-কা বাতিলৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.