ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ

author img

By

Published : Aug 8, 2020, 3:14 AM IST

বিজেপিয়ে কেৱল নিজৰ লাভালাভৰ বাবে নিৰ্বাচনৰ সময়ত কোচ ৰাজবংশী জাতিক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ ইছ্যুক লৈ ৰাজনীতি কৰি আহিছে ৷ অহা ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিবৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীয়ে টঙালি বান্ধিছে বুলি হুংকাৰ দিয়ে হিতেশ্বৰ বৰ্মনে ৷

allegation on govt to play politic on six schedule tribes
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

কোকৰাঝাৰ, ৭ আগষ্ট : কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া দাবী "জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য" ৰ সন্দৰ্ভত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল প্ৰতাৰণা কৰি আহিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে ৷ শুকুৰবাৰে কোকৰাঝাৰৰ ভোটগাঁৱত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাবে সমালোচনা কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে ৷

উপদেষ্টাগৰাকীয়ে উল্লেখ কৰে যে, বিজেপিয়ে কেৱল নিজৰ লাভালাভৰ বাবে নিৰ্বাচনৰ সময়ত ৰাজবংশী জাতিক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ ইছ্যুক লৈ ৰাজনীতিকৰণ কৰি আহিছে ৷ বিজেপিৰ শাসনত থকা ৰাজ্য চৰকাৰৰ ম্যাদ শেষ হ’বলৈ কেৱল কেইটামান মাহহে বাকী আছে ৷ আনফালে কেন্দ্ৰত ছয় বছৰ শাসনত আছে দলটো, কিন্তু আজিলৈ জনজাতিকৰণৰ নামত একো কাম কৰা দেখা নাই বুলি অভিযোগ তোলে বৰ্মনে ৷ অহা ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিবৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীয়ে টঙালি বান্ধিছে বুলি হুংকাৰ দিয়ে হিতেশ্বৰ বৰ্মনে ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ

আনহাতে কোচ ৰাজবংশী স্বায়ত্বশাসিত পৰিষদ চৰকাৰে নিজ ইচ্ছা মতে গঠন কৰি ৰাজবংশী জাতিক বিভাজিত কৰাৰ এক কৌশলহে ৰচিছে বুলি অভিযোগ তোলে উপদেষ্টাগৰাকীয়ে ৷ জাতিটোৰ বাবে নতুন মডেলিটি বনোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে ৷

উল্লেখ্য য়ে, বিভিন্ন সময়ত চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন কৰি জনগোষ্ঠীয় ৰাইজক আশা দি আহিছে ৷ এই জনজাতি ছটা হৈছে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম। কিন্তু বৰ্তমানলৈকে সেইয়া বাস্তবায়িত হোৱা নাই ৷ যাৰ বাবে চৰকাৰৰ ওপৰত এক প্ৰকাৰ ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীয় সংগঠন তথা লোকসকল ৷ প্ৰায়েই এই বিষয়টোক লৈ প্ৰতিবাদো কৰি আহিছে জনগোষ্ঠীয় সংগঠন সমূহে ৷ কিন্তু জনজাতিকৰণৰ আশা দি বাৰম্বাৰ বিষয়টো পিচুৱাই থকা দেখা গৈছে ৷

লগতে পঢ়ক : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.