কোকৰাঝাৰ, 7 নৱেম্বৰ : কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ তুলসীবিল বজাৰত এসপ্তাহ পূৰ্বে দেওবাৰে নিশা সংঘটিত মৰ্মান্তিক আত্মহত্যাৰ ঘটনাক লৈ সৰৱ হৈ পৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোকৰাঝাৰ জিলা সমিতি ৷
শনিবাৰে কোকৰাঝাৰ জিলাৰ চিথিলাস্থিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিথিলা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত তুলসীবিল বজাৰৰ মৰ্মান্তিক ঘটনাক দুভাৰ্গ্যজনক আখ্যা দিয়া হয় ৷ লগতে এই ঘটনাৰ উচিত তদন্ত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ৷
বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কনক দে’য়ে সংবাদমেল যোগে ঘটনাৰ লগত ষড়যন্ত্ৰ জড়িত হৈ থকাৰ কথা উল্লেখ কৰে ৷ ইয়াৰোপৰি ৰাজ্য চৰকাৰে এই ঘটনাৰ ওপৰত গুৰুত্ব নিদিয়া আৰু 7 নং ফকিৰাগ্ৰাম বিটিচি পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী অৰূপ কুমাৰ দে’য়ে এই ঘটনাৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে ৷
ৰাজ্য চৰকাৰে যদি উক্ত ঘটনাৰ তদন্ত চিবিআইৰ হাতত অৰ্পন নকৰে,তেন্তে ইয়াক লৈ শীঘ্ৰেই গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ৷
উল্লেখ্য যে,কোকৰাঝাৰ চহৰৰ ক্ষুদ্ৰ ব্যৱসায়ী নিৰ্মল পালে পত্নীসহ তেওঁৰ তিনিগৰাকী কন্যাৰ সৈতে একেলগে চীপ লৈ আত্মহত্যা কৰিছিল ৷ ইয়াৰ পাচতে বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়