ETV Bharat / state

কেএচিৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ তালিকাঃ অসন্তুষ্টি প্ৰকাশ আক্ৰাছুৰ সভাপতিৰ

ৰাজ্য চৰকাৰে ঘোষণা কৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ তালিকাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে ৷ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ সদস্য পদৰ পদত্যাগ পত্ৰ মখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলিও আক্ৰাছুৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৷

author img

By

Published : Feb 26, 2021, 8:30 PM IST

কেএচিৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অৰুণ ৰায়ৰ

কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী: কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ তালিকা বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে । কিন্তু এই তালিকাখনক লৈ মুঠেও সন্তুষ্ট নহয় কোচ ৰাজবংশী ছাত্ৰ সন্থা । শুকুৰবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি অৰুণ ৰায়ে অভিযোগ উত্থাপন কৰে যে, আক্ৰাছুৰ সভাপতি হিচাপে পৰিষদৰ তালিকাত তেওঁক যি পদমৰ্যাদা দিব লাগিছিল, তাৰ পৰিৱৰ্তে সাধাৰণ সদস্য হিচাপে তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

এনে কাৰ্যৰে কেৱল তেওঁকে নহয়, ৰাজবংশী জনগোষ্ঠীটোকে অপমান কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷ ছাত্ৰ নেতাগৰাকীয়ে লগতে কয় যে, তেওঁ কোনো পদবীৰ আশা কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদ দাবী কৰা নাছিল ৷ এই পৰিষদৰ সদস্য পদৰ পদত্যাগ পত্ৰ মখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ বহুধা বিভক্ত কোচ ৰাজবংশী সকলক একত্ৰিত হ'ব লাগে বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈ অহাৰ পাছত এতিয়া মন্ত্ৰীগৰাকীয়ে নিজেই জনগোষ্ঠীটোক পুনৰ ভাগ ভাগ কৰি এক নিকৃষ্ট ৰাজনীতি কৰিছে বুলি কটাক্ষ কৰাৰ লগতে এয়া কেতিয়াও সহ্য কৰা নহ'ব বুলিও সকীয়াই দিয়ে ৷

আনহাতে অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠনখন গঠন কৰাৰ আগতে ছাত্ৰ সংগঠনৰ সভাপতি হিচাপে তেওঁৰ সৈতে আলোচনা কৰা উচিত আছিল বুলি মন্তব্য কৰে আৰু এই সদস্য পদ তেওঁ কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দিয়ে । আনহাতে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোচ ৰাজবংশীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো পৰৱৰ্তী সময়ত চৰকাৰে তেওঁলোকলৈ পিঠি দিলে বুলি কৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে । তদানীন্তন দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত ড০ হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ বৰ্তমানৰ থকা জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ এখন পাঁচজনীয়া সমিতি গঠন কৰি দিছিল কিন্তু সেয়াও অসাৰ প্ৰতিপন্ন হ'ল ।

এই সন্দৰ্ভত যিখিনি তথ্য দিল্লীলৈ পঠিয়াব লাগিছিল সেয়া হিমন্ত বিশ্ব শৰ্মাই কিয় পঠিওৱা নাই এই বিষয়ে ৰাজহুৱা কৰিবলৈ আহ্বান জনায় অৰুণ ৰায়ে ৷ লগতে কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰাৰ বাবে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক:মহানগৰীত ভুৱা আৰক্ষী বিষয়া আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.