কোকৰাঝাৰ, ২৪ ডিচেম্বৰঃ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ সিদ্ধান্তক আদৰণি আক্ৰাছুৰ । জনজাতিকৰণ আৰু পৃথক কমতাপুৰ অবিহনে আক্ৰাছু ক্ষান্ত নহয় যদিও চৰকাৰে শেহতীয়াভাৱে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ পদক্ষেপক আদৰণি জনাইছে আক্ৰাছুৱে । মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে আক্ৰাছুৱে ললীপপ গিলিব বিচৰা নাই যদিও চৰকাৰৰ সদিচ্ছাক আদৰণি জনাইছে । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পৰিসীমা বৰপেটালৈকে সাঙুৰি ল’বলৈ আহ্বান জনাৱোৰ লগতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত কমেও ৬০ টা সমষ্টি আৰু গৃহৰ বাহিৰে আন বিভাগ হস্তান্তৰ কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ।
তদুপৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনক লৈ কেবিনেট সিদ্ধান্ত ল’লেই নহ’ব সেয়া আইনলৈ ৰূপান্তৰিত কৰিব লাগিব বুলিও উল্লেখ কৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ অবিহনে তেওঁলোক ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিয়ে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আজি আক্ৰাছুৰ প্ৰতিনিধি দলটোৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে । উক্ত সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় , মুখ্য উপদেষ্ঠা প্ৰদীপ ৰায় , সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সভানেত্ৰী পূৰৱী সৰকাৰ আৰু চিলাৰায় সেনাৰ উপাধ্যক্ষ দেৱৰঞ্জন মণ্ডল উপস্থিত থাকে ।
আৰু পঢ়কঃ কোনে খালে কাৰ টকা ?