ETV Bharat / state

Akhil Gogoi's vs CM Himanta: মুকলি বিতৰ্কলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ অখিলৰ - বিধায়ক অখিল গগৈ

‘‘মুখ্যমন্ত্ৰীৰ সাহস থাকিলে মুকলি মঞ্চত আহক আৰু সাহস নাথাকিলে তেওঁৰ পৰিয়ালৰ চেনেলত পোনপটীয়া সম্প্ৰচাৰত মোক মাতক’’ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ (Akhil Gogoi dares Himanta Biswa Sarma for open debate) ৷

Akhil Gogoi challenges CM Himanta
Akhil Gogoi challenges CM Himanta
author img

By

Published : Dec 15, 2021, 1:48 PM IST

Updated : Dec 15, 2021, 1:57 PM IST

কোকৰাঝাৰ, 15 ডিচেম্বৰ : বিটিআৰৰ সদৰ কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা বিধায়ক অখিল গগৈৰ (Akhil Gogoi criticizes CM Himanta Biswa Sarma)৷ ভূমি বিৰ্তক প্ৰসংগত সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে ৷ ভূমি বিতৰ্ক প্ৰশংগত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উভতি ধৰি কয় যে, ‘‘মুখ্যমন্ত্ৰীৰ সাহস থাকিলে মুকলি মঞ্চত আহক (Akhil invites CM Himanta Biswa Sarma to open debate)আৰু সাহস নাথাকিলে তেওঁৰ পৰিয়ালৰ চেনেলত পোনপটীয়া সম্প্ৰচাৰত মোক মাতক’’ ৷

ভূমি বেদখলকলৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালক নহয় মুখ্যমন্ত্ৰীকহে প্ৰত্যাহ্বান জনাইছো বুলি মন্তব্য কৰি অখিলে কয় যে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি বেদখলে ১৯৮৯ অসম ভূমি নীতিকে নহয় খিলঞ্জীয়াৰ ওপৰতো মাধমাৰ সোধাইছে ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানীয়ে ভূমি বেদখল কৰাটো একেবাৰে ১০০ শতাংশ সত্যতা থকা বুলি সাংবাদিক আগত মন্তব্য কৰি অখিলে কয় যে এয়া অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰী (land grabbing allegation against CM family)।

মুকলি বিতৰ্কলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ অখিলৰ

আনপিনে যিসময়ত সৰু সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰিছে, সেই সময়ত মুখ্যমন্ত্ৰীৰ ঘৰত থকা ডাঙৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে বুলি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে । বিজেপি চৰকাৰকো কঠোৰ সমালোচনা কৰি অখিল গগৈয়ে কয় যে, বিজেপি শাসনলৈ অহাৰ পিছতে উন্নয়ন স্তব্ধ হৈছে ৷ আনকি চৰকাৰে বিধায়কৰ পুঁজিও মোকলাই দিয়া নাই বুলি অভিযোগ কৰে অখিল গগৈয়ে ।

২০১৯ চনত ৰুজু হোৱা এটা গোচৰৰ সংক্ৰান্তত বিধায়ক অখিল গগৈ মঙলবাৰে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় ৷ কোকৰাঝাৰ থানা ৰোডৰ পৰা পাঁচশ মিটাৰ দূৰত্ব পদব্ৰজে নিজৰ অধিবক্তা সুকুমাৰ পাহাৰীকলৈ কোকৰাঝাৰ আদালত উপস্থিত হয় বিধায়ক গৰাকী ৷ কোকৰাঝাৰৰ এখন গণসমাবেশত কৰা মন্তব্যক লৈ তৰা গোচৰৰ বাবে প্ৰথমবাৰ কোকৰাঝাৰ আদালতত উপস্থিত হোৱা বুলি সদৰী কৰে অখিল গগৈয়ে ৷

তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ ভিতৰত সৰ্বাধিক ১৪২ টা গোচৰ থকা আৰু ৩৬ বাৰ জেলত কটোৱা বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ জানিব পৰা মতে, বিধায়ক অখিল গগৈক মঙলবাৰে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ 153 (A) 171 (G) 505 ধাৰাত ৰুজু হোৱা এক গোচৰৰ বাবে চমন জাৰি কৰিছিল ৷

লগতে পঢ়ক : GMC notice issued to private school : কৰ পৰিশোধ নকৰা ব্যক্তিগত বিদ্যালয়য়ৈ GMC ৰ জাননী

Last Updated : Dec 15, 2021, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.