ETV Bharat / state

প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত বিজেপি চৰকাৰক সমালোচনা অখিল গগৈৰ - বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত চৰকাৰক সমালোচনা অখিল গগৈৰ

হিন্দু-মুছলমানৰ মাজত সংঘাত, দুখীয়া খেতিয়কক গৰু ক্ৰয়-বিক্ৰী বন্ধ কৰা আদি বিজেপি চৰকাৰৰ অন্যতম সফলতা । বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত চৰকাৰক সমালোচনা অখিল গগৈৰ । কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা এক গোচৰ সংক্ৰান্তত শনিবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈ এই মন্তব্য অখিল গগৈৰ ।

Akhil
প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত বিজেপি চৰকাৰক সমালোচনা অখিল গগৈৰ
author img

By

Published : May 7, 2022, 6:13 PM IST

কোকৰাঝাৰ,৭ মে' : কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা এক গোচৰ সংক্ৰান্তত শনিবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ (Akhil Gogoi appears before Kokrajhar CJM Court)৷ উল্লেখ্য যে, ২০১৯ চনত এবিএমছুৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ ছালাকাটিত এক প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল ৷ উক্ত সভাত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে চৰকাৰ বিৰোধী মন্তব্য কৰিছিল । যাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত ১৫৩ (এ) ১৭১ (জি) ৫০৫ ধাৰাৰ অধীনত এক গোচৰ ৰুজু হৈছিল ৷ উক্ত গোচৰতে আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ ।

ইপিনে কোকৰাঝাৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিকলৈ (1st anniversary of Himanta Biswa Sarma ministry) প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সফলতা একো নাই বুলি বিজেপি চৰকাৰক সমালোচনা কৰে নেতাগৰাকীয়ে (Akhil Gogoi criticizes BJP government)। অখিল গগৈয়ে কয় যে বৰ্ষপূতিৰ পূৰ্বে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে পদত্যাগ কৰাৰ বাহিৰে অন্য বিকল্প নাই ৷

প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত বিজেপি চৰকাৰক সমালোচনা অখিল গগৈৰ

অসম আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰে মূল্যবৃদ্ধিৰে জনতাক বিপদত পেলাইছে । লগতে সময়ে সময়ে টোল গেট হে চৰকাৰে স্থাপন কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি দিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰতি দিছিল যদিও সেয়া চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি আছিল বুলি তেওঁ অভিযোগ কৰে ৷

বিজেপিৰ শাসনকালত হিন্দু-মুছলমানৰ মাজত সংঘাত, দুখীয়া খেতিয়কক গৰু ক্ৰয়-বিক্ৰী বন্ধ কৰাত বিধি পথালি দিয়া আদি চৰকাৰৰ অন্যতম সফলতা বুলি তেওঁ উল্লেখ কৰে ৷ আলফা স্বাধীনে চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুজনক মৃত্যুদণ্ড (Assam police spy sentenced to death by ULFA independent) দিয়া প্ৰসংগত অখিল গগৈৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কাৰো জীৱন কাঢ়ি নিয়াৰ অধিকাৰ আমাৰ নাই ৷ যদি এনেকুৱা হৈছে তেন্তে ইয়াক তেওঁ কোনোদিনে সমৰ্থন নকৰে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক :অভাৱত পৰিয়েই আলফা(স্বা) লৈ গৈছিল নেকি ধনজিৎ দাস ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.