কোকৰাঝাৰ,17 এপ্ৰিলঃ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰসমূহৰ সমান্তৰালকৈ লোকে-লোকাৰণ্য হৈ পৰিল কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী আই শাকাতি মন্দিৰ ৷ আই শাকাতিৰ আশীষ লবলৈ পহিলা বহাগৰ দিনা অজস্ৰ লোকে আহি ভিৰ কৰিল আই শাকাতি মন্দিৰৰ প্ৰাংগণত ৷
জনবিশ্বাস অনুসৰি ভাৰতবৰ্ষৰ ৫১ খন পীঠৰ ভিতৰত এই আই শাকাতি মন্দিৰটোও অন্যতম ৷ অতীজৰে পৰা পূজা-পাৰ্বন চলি অহা এই মন্দিৰত হেনো কোনো দেৱীৰ শাকা ভাঙি পৰিছিল বাবে এই মন্দিৰৰ নাম আই শাকাতি বুলি জনা যায় ৷ পৰম্পৰা অনুসৰি প্ৰতি বছৰে পহিলা বহাগৰ দিনা 16 খনকৈ গাঁৱৰ ৰাইজে পূজা আগবঢ়াই আহিছে এই মন্দিৰত ৷
ভক্তপ্ৰাণ ৰাইজৰ বিশ্বাস এই পূজাত উপস্থিত হৈ আই শাকাতিৰ শৰণ ল’লে সকলোৰে মনোকামনা পূৰণ হোৱাৰ লগতে দূৰ হয় সকলো অপায়-অমংগল ৷