ETV Bharat / state

AGP Karmakarta Sanmilan: টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি; কংগ্ৰেছ দলক কটাক্ষ অতুল বৰা - লোকসভা নিৰ্বাচন

২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাইজে বিজেপি, অগপ আৰু ইউপিপিএলৰ মিত্ৰজোঁটকেই পুনৰ আকোঁৱালি ল’ব ৷ বিৰোধী ঐক্য মঞ্চক ৰাইজে সমৰ্থন নিদিয়ে ৷ বিৰোধীৰ স্বপ্ন ভংগ হ’ব; কোকৰাঝাৰত এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

AGP Karmakarta Sanmilan
অগপ সভাপতি অতুল বৰা
author img

By

Published : Jul 31, 2023, 8:16 PM IST

অগপ কৰ্মী সন্মিলন

কোকৰাঝাৰ ৩১ জুলাই: টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি ৷ কংগ্ৰেছ দলৰ সভাপতি তথা কংগ্ৰেছ দল সন্দৰ্ভত এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ ৷ তেওঁ লগতে কয়, কংগ্ৰেছ দলক এতিয়া ৰাইজে চিনি পাইছে ৷ কংগ্ৰেছ দলে নেতৃত্ব বহন কৰা বিৰোধী ঐক্য মঞ্চক ৰাইজে সমৰ্থন নিদিয়ে ৷ ২০২৪ত ৰাইজে বিজেপি ,অগপ আৰু ইউপিপিএল মিত্ৰজোঁটকেই পুনৰ আকোঁৱালি ল’ব ৷ বিৰোধীৰ স্বপ্ন ভংগ হ’ব বুলিও দৃঢ়তাৰে দাবী কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

AGP Karmakarta Sanmilan
অগপ কৰ্মী সন্মিলন

লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দলৰ ভেঁটি শক্তশালী কৰাক লৈ ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদ চমুকৈ অগপই ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনত যুঁজ দিয়াৰ লক্ষ্য আৰু সংকল্পৰে অসম গণ পৰিষদ দলেও ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিত দলীয় কৰ্মী সন্মিলন অনুষ্ঠিত কৰিছে ৷ ইয়াৰে অংশস্বৰূপে সোমবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে কোকৰাঝাৰৰ নিকটৱৰ্তী বডোফা সাংস্কৃতিক ক্ষেত্ৰত অগপ দলে এখন কৰ্মী সন্মিলনৰ আয়োজন কৰে ৷ উক্ত কৰ্মীসভাত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অগপ সভাপতিগৰাকীয়ে ৷

AGP Karmakarta Sanmilan
অগপ কৰ্মী সন্মিলন

অগপ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই লগতে কয়, অগপ দলে ৰাজ্যৰ আটাইকেইটা লোকসভা সমষ্টিত এনে ধৰণৰ কৰ্মী সন্মিলনৰ আয়োজন কৰিছে ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত অগপ দলে যি কেইখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাত বিজয় সুনিশ্চিত হোৱাৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ ৷ তদুপৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অগপ, ইউপিপিএল মিত্ৰজোঁটে বহু কেইখন আসনত সমৰ্থন দি নিৰ্বাচনত অৱতীৰ্ণ হ‘ব ৷

AGP Karmakarta Sanmilan
অগপ কৰ্মী সন্মিলন

কৰ্মী সন্মিলনত অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ফণী ভূষণ চৌধুৰী, ভূপেন ৰায়সহ অগপৰ প্ৰায়ভাগ শীৰ্ষ নেতা-নেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ পুৱা পতাকা উত্তোলনেৰে কৰ্মী সন্মিলনৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অগপৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাকিৰ হুছেইনে ৷ ইয়াৰ পিছতে বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰৱেশদ্বাৰৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰ মাজেৰে অগপৰ সভাপতি অতুল বৰাসহ দলটোৰ শীৰ্ষ নেতৃত্বক কৰ্মীসভাৰ মঞ্চলৈ আদৰি অনা হয় ৷

লগতে পঢ়ক: Bhupen Bora Love jihad controversy : নামঘৰত শৰাই দি প্ৰায়শ্চিত্ত কৰিলে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.