কোকৰাঝাৰ,4 জানুবাৰী: বিগত চৰকাৰৰ দিনত সংঘটিত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷ সোমবাৰে বিটিআৰ প্ৰশাসনৰ সতে বিটিআৰৰ বিভিন্ন ছাত্ৰ আৰু সামাজিক দল সংগঠনেৰে মত বিনিময় সভাত অংশগ্ৰহণ কৰাৰ অন্তত বিস্ফোৰক মন্তব্য প্ৰমোদ বড়োৰ ৷ পূৰ্বৰ চৰকাৰৰ দূৰ্নীতি-ভ্ৰষ্টাচাৰৰ ফাইল অহা সপ্তাহৰ পৰা খোলা হ'ব আৰু দূৰ্নীতিত লিপ্ত বিষয়া-কৰ্মচাৰী তথা কোনো ৰাজনৈতিক নেতাক সাৰি যাবলৈ দিয়া নহব বুলি হুংকাৰ দিছে প্ৰমোদ বড়োৱে ৷ লগতে নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে,"পূৰ্বৰ চৰকাৰৰ আমোলত বিটিচিত বিভিন্ন জাতি জনগোষ্ঠী সমুহে আশা আকাংক্ষাৰ কথা মুকলিকৈ কবলৈ সুযোগ পোৱা নাছিল ৷ তেওঁলোকে ভয় আৰু সংশয়ৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছিল ৷ কিন্তু এতিয়া ইউপিপিএল,বিজেপি আৰু জিএছপিৰ চৰকাৰে সকলো জাতি জনগোষ্ঠীক আগবঢ়াই নিয়াৰ স্বাৰ্থতে ৰাইজে এইখন চৰকাৰ গঠন কৰিছ গতিকে সকলোকে নিজৰ আশা আকাংক্ষা সমুহ মুকলিকৈ প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰা হ'ব "৷ লগতে আমি ক্ষমতা লবলৈ চৰকাৰত অহা নাই,ৰাইজৰ সেৱা কৰিবলৈহে আহিছো বুলি মন্তব্য কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷
ইয়াৰ উপৰিও বিটিআৰৰ সকলো বিভাগ ডিজিটালাইজ কৰা হ'ব বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী গৰাকীয়ে কয় যে,দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰোধ কৰাৰ বাবে প্ৰতিটো বিভাগ ডিজিটেলাইজ কৰাটো নিত্যান্তই প্ৰয়োজন ৷ ইয়াৰ বাবে এমাহ সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰি পূৰ্বৰ চৰকাৰৰ দূৰ্নীতি,ভ্ৰষ্টাচাৰৰ ফাইল অহা সপ্তাহৰ পৰা খোলা হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ৷ লগতে দূৰ্নীতিত লিপ্ত বিষয়া-কৰ্মচাৰী বা কোনো ৰাজনৈতিক নেতাক সাৰি যাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷ উল্লেখ্য যে,বিভিন্ন প্ৰতিশ্ৰুতি আৰু পদক্ষেপ লৈ শাসনলৈ অহা এই চৰকাৰখনে কৰণীয় সকলো কাম কৰি যোৱাৰ প্ৰতিশ্ৰতি দি চৰকাৰক সহায় সহযোগ আগবঢ়াবলৈ ৰাইজলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷ আনহাতে ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ বাবে ৰাজ্য আৰু কেন্দ্ৰৰ সতে যোগাযোগ কৰা হ'ব আৰু বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে প্ৰমোদ বড়োৱে ৷
লগতে পঢ়কঃ কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ