কোকৰাঝাৰ ৫ জুন : কোকৰাঝাৰ জিলাৰ বেচৰগাঁও পথত শনিবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ৰ'ড কঢ়িওৱা মিনি ট্ৰাক আৰু স্কুটীৰ মাজত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু এগৰাকী যুৱতীৰ । স্কুটীচালক জেনী বৰগয়াৰী নামৰ মেধাৱী যুৱতীগৰাকীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয় । দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS-১৬-H-৫৪৯১ আৰু ট্ৰাকখনৰ নম্বৰ AS-১৬-AC-০৭১৭ ।
কোকৰাঝাৰ সদৰ চহৰৰ যানবাহন আৰক্ষীয়ে জনোৱা মতে বেচৰগাঁৱৰ নিৰ্মীয়মান কোকৰাঝাৰ মেডিকেল কলেজ পথত দুৰ্ঘটনাৰ এক খবৰ লাভ কৰি তেওঁলোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ৰ'ড কঢ়িওৱা ট্ৰাকখন জব্দ কৰে ।
মূৰত গুৰুতৰভাৱে আঘাত পোৱা যুৱতীগৰাকীক সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা অৱস্থাতে ৰাস্তাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে ।
কোকৰাঝাৰ জলসিঞ্চন কলনীৰ বাসিন্দা জেনী বৰগয়াৰী এমবিএ ডিগ্ৰী লাভ কৰাৰ লগতে চেন্নাইৰ এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছে । জেনী বৰগয়াৰী লকডাউনৰ বাবে কেইমাহমান পূৰ্বে ঘৰলৈ আহিছিল আৰু ঘৰৰ পৰাই কাৰ্যালয়ৰ কৰ্ম সম্পাদন কৰি আছিল । এই মৰ্মান্তিক ঘটনাৰ পিছতে অঞ্চলটোত সম্প্ৰতি শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক:লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত আন দুজনক গ্ৰেপ্তাৰ