ETV Bharat / state

Sahid Dibas at kokrazar: পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ্য়

author img

By

Published : Jun 12, 2022, 1:46 PM IST

কোকৰাঝাৰত এবছুৰ উদ্যোগ ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস পালন । সমাধিস্থলীত বন্তি প্ৰজ্বলন পিতৃৰ ।

kokrazar
পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ্য়

কোকৰাঝাৰ.১২ জুন : বিটিআৰৰ সদৰ কোকৰাঝাৰত দেওবাৰে নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ উদ্যোগত উদযাপন কৰা হয় ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস(ABSU celebrate Shahid Diwas at kokrajhar) ৷ পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি এই দিৱস পালন কৰা হয় । কোকৰাঝাৰ চহৰৰ ভাটিপাৰাস্থিত শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলীত উদযাপিত হোৱা বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি সমাধিস্থলীত প্ৰথমে বন্তি প্ৰজ্বলন কৰা হয় ৷

শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰে শ্বহীদগৰাকীৰ পিতৃ মংগল সিং নাৰ্জাৰীয়ে ৷ ইয়াৰ পাছতে শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ কৰে এবছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই ৷ কাৰ্যসূচীত অংশ লোৱা বড়ো সাহিত্য সভাৰ সম্পাদক জংছাৰ নাৰ্জাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ মুছাহাৰী, ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী, বিপিএফ নেতা তথা বিটিআৰৰ পাৰিষদ দনেশ্বৰ গয়াৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য়ৰ ৰাজনৈতিক উপদেষ্টা বেৰলাও খুংগুৰ কাৰ্জিয়ে পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ ইয়াৰ পূৰ্বে শ্বহীদ সুজিত নাৰ্জাৰীৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰা হয় ৷

এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰী

উল্লেখ্য যে ১৯৮৭ চনৰ ১২ জুনত দুস্কৃতিকাৰীৰ আক্ৰমণত মৃত্যু হৈছিল পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ(Sujit Narzari died 12th June of 1987) ৷ ইয়াৰ পাছৰে পৰা শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু হোৱা দিনটো এবছুৱে বড়োলেণ্ড শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷ এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু দক্ষিণ কোকৰাঝাৰ আঞ্চলিক এবছুৰ সহযোগত উদযাপিত ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচীত এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰী, জিলা সাধাৰণ সম্পাদক খাম্পা বসুমতাৰীকে ধৰি ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতা, বাওখুংগ্ৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ সঞ্জয় নাৰ্জাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক: নাগালেণ্ডৰ নিৰীহ হত্যাকাণ্ড: এজন মেজৰসহ ৩০ সেনা জোৱানক দোষী সাব্যস্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.