কোকৰাঝাৰ,১৭ অক্টোবৰ: ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে ৰাজ্য (Crime case in Assam)৷ প্ৰতিদিনে ইটোৰ পিছত সিটোকৈ হত্যাকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰি আহিছে (Murder case in Chirang)৷ ইয়াৰ মাজতে বিটিআৰৰ চিৰাং জিলাৰ গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত বৰাগাঁৱত ১৪ অক্টোবৰৰ নিশা কোকৰাঝাৰ চহৰৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে(ABSU demand inquiry into murder) ৷
উক্ত হত্যাকাণ্ডৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি সমগ্ৰ ঘটনাৰ উপযুক্ত তদন্তৰ জড়িয়তে দোষীক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী তুলিছে ছাত্ৰ সংগঠনটোৱে (Murder of Kokrajhar youth in Chirang) ৷ তদুপৰি সোমবাৰে এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কৃপেশ দৈমাৰী আৰু সম্পাদক খাম্পা বৰগয়াৰীৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ এটি সঁজাতি দলে কোকৰাঝাৰ জিলা অতিৰিক্ত উপাযুক্ত ৰাজীৱ দাসক সাক্ষাৎ কৰি উক্ত হত্যাকাণ্ডৰ উপযুক্ত তদন্ত আৰু দোষীক আটক কৰাৰ দাবী জনাই এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে, পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ স্নাতকৰ ছাত্ৰ তথা কোকৰাঝাৰ চহৰৰ টেঙাপাৰাৰ নিবাসী মহিম চন্দ্ৰ বসুমতাৰীৰ পুত্ৰ কিষান কুমাৰ বসুমতাৰী যোৱা ১৪ অক্টোবৰত পাঠশালাৰ হোষ্টেলৰ পৰা নিৰুদ্দেশ হৈছিল আৰু ১৪ অক্টোবৰৰ নিশা চিৰাং জিলাৰ বৰাগাঁৱত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল(Kokrajhar youth murder in Chirang) ৷ মৃত কিষান কুমাৰ বসুমতাৰী পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল ।
লগতে পঢ়ক: Fire breakout in Barpeta: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল বিদ্যালয়