ETV Bharat / state

ABSU ৰ প্ৰতিবাদত উত্তাল বড়োলেণ্ড বিশ্ববিদ্যালয় - বড়োলেণ্ড বিশ্ববিদ্যালয়

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ লাইশ্ৰাম লুডু সিঙক বিতাড়ণৰ দাবী ৷ এবছুৰ ধৰ্ণা কাৰ্যসূচীত উত্তাল বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদ । মুখ্যমন্ত্ৰীলৈ পাঁচদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ ।

ABSU
ABSU ৰ প্ৰতিবাদত উত্তাল বড়োলেণ্ড বিশ্ববিদ্যালয়
author img

By

Published : Nov 12, 2021, 10:47 PM IST

কোকৰাঝাৰ, ১২ নৱেম্বৰ : কোকৰাঝাৰৰ দেৱৰগাঁও স্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত শুকুৰবাৰে এবছুৱে বিভিন্ন দাবীৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনিন বসুমতাৰীৰ লগতে ছাত্ৰ সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মী-সমৰ্থকে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

বিভিন্ন দাবী তুলি হাতে হাতে বেনাৰ -ফেষ্টুন লৈ বিভিন্ন শ্ল’গানেৰে বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদ উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ লাইশ্ৰাম লুডু সিঙক বিতাড়ণৰ কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিটিআৰ এলেকাৰ পৰাই নিয়মীয়া পঞ্জীয়ক নিযুক্তি দিয়া, পঞ্জীয়ক নিযুক্তিৰ পূৰ্বে সকলো ধৰণৰ উচ্চ পৰ্যায়ৰ সিদ্ধান্ত বন্ধ ৰখা, কাৰ্যনিৰ্বাহক পৰিষদ বৈঠকৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ কৰ্ট মিটিং অনুষ্ঠিত কৰা, কাৰ্যনিৰ্বাহক পৰিষদৰ খালী হৈ থকা পদসমূহ পূৰণ কৰা, সময়মতে পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণাৰ দাবীকে ধৰি আন কেবাটাও দাবী উত্থাপন কৰে এবছুৱে ৷

ABSU ৰ প্ৰতিবাদত উত্তাল বড়োলেণ্ড বিশ্ববিদ্যালয়

এবছুৰ উদ্যোগত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে অংশগ্ৰহণ কৰি উপাচাৰ্যৰ মইমতালিক গৰিহণা দি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কৰ্মকাণ্ডই বিটিআৰ এলেকাৰ শিক্ষাপ্ৰেমীসকলক আশাহত কৰি তুলিছে বুলি মন্তব্য কৰে । এবছুৱে বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ আশু সমাধানৰ বাবে বাৰেপ্ৰতি অনুৰোধ জনাই আহিছে যদিও কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে দ্বীপেন বড়োৱে । উল্লেখ্য যে, ধৰ্ণা কাৰ্যসূচীৰ অন্তত পাঁচদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এবছুৱে ।

লগতে পঢ়ক : Covid Vaccination : বহুলোকে অন্ধবিশ্বাস-অপপ্ৰচাৰৰ বাবে লোৱা নাই ভেকচিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.