কোকৰাঝাৰ, ২৩ নৱেম্বৰ : ঐতিহাসিক বিটিচি চুক্তি অনুসৰি কোকৰাঝাৰৰ দেৱৰগাঁৱত স্থাপন কৰা আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিগত দুই-তিনি বছৰ ধৰি স্থায়ী পঞ্জীয়ক নিযুক্তি নিদিয়া, উপাচাৰ্যৰ অপসাৰণকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবী জনাই আহিছে নিখিল বড়ো ছাত্ৰ সন্থাই । মঙলবাৰে পুনৰ প্ৰতিবাদত নামিল নিখিল বড়ো ছাত্ৰ সন্থা । সংগঠনটোৰ কৰ্মকৰ্তাসকলে জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে । কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়(Kokrajhar Govt College)ৰ মূল প্ৰৱেশদ্বাৰতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ সদস্যসকলে ।
প্ৰতিবাদৰ অন্তত সংগঠনটোৰ নেতৃত্বই পাঁচদফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo)লৈ প্ৰেৰণ কৰে ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখপাত্ৰ জনক উজীৰৰ নেতৃত্বত ৰূপায়িত হোৱা ধৰ্ণা কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীকে ধৰি মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীত অংশ লয় ছাত্ৰ-ছাত্ৰীসকলে ।
প্ৰতিবাদকাৰীসকলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্যক অপসাৰণ কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী পঞ্জীয়ক নিযুক্তি দিয়া, পঞ্জীয়ক নিযুক্তিৰ পূৰ্বে সকলো ধৰণৰ উচ্চ পৰ্যায়ৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰখা, কাৰ্য নিৰ্বাহক পৰিষদ বৈঠকৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ কৰ্ট মিটিং অনুষ্ঠিত কৰা, কাৰ্য নিৰ্বাহক পৰিষদৰ খালী হৈ থকা পদবীসমূহ পূৰণ কৰা, সময়মতে পৰীক্ষা অনুষ্ঠিত কৰা আৰু ফলাফল ঘোষণাৰ দাবী জনায় । বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
এই প্ৰতিবাদী কাৰ্যসূচীত এবছুৰ প্ৰচাৰ আৰু জন সম্পৰ্কৰক্ষী বিষয়া দীনেশ ব্ৰহ্ম, এবছুৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি সাদিন ব্ৰহ্ম, জিলা এবছুৰ শিক্ষা সচিব জাংগিলা ব্ৰহ্মই অংশগ্ৰহণ কৰে । উল্লেখ্য যে, কোকৰাঝাৰৰ ছোৱালী মহাবিদ্যালয়, কোকৰাঝাৰ কমাৰ্চ মহাবিদ্যালয় আৰু কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়কে ধৰি জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ত মঙলবাৰে এবছুৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কেইদিনমান পূৰ্বে বাক্সা জিলাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল নিখিল বড়ো ছাত্ৰ সন্থাই ।
লগতে পঢ়ক: Cycle rally to Guwahati: অনুসূচীত জাতিৰ লোকসকলক চাফাই কৰ্মীৰ পদত সংস্থাপনৰ দাবী