ETV Bharat / state

Bodoland University controversy: আহিম বুলি নাহিল নাক; এবছুৰ নাকত লাগিল কিহৰ গোন্ধ ?

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 4:31 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ত হঠাতে বাতিল নাকৰ মূল্যায়ন কাৰ্যসূচী ৷ ষড়যন্ত্ৰৰ গোন্ধ পাইছে এবছুৱে ৷ অতি শীঘ্ৰে নাকৰ প্ৰতিনিধিৰ দলক বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিবলৈ দাবী এবছুৰ ৷ নাক মূল্যায়নৰ পূৰ্বে উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক আঁতৰোৱাৰো দাবী এবছুৰ ৷

ABSU demands for NAAC assessment
NAAC assessment in Bodoland University
উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক আঁতৰোৱাৰ দাবী এবছুৰ

কোকৰাঝাৰ ১৭ অক্টোবৰ: বড়োলেণ্ড বিশ্ববিদ্যালয়ত নাকৰ মূল্যায়ন কাৰ্যসূচী হঠাতে বাতিল হোৱাত এবছুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ আঁৰত কাৰোবাৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

আজি বিয়লি কোকৰাঝাৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এবছুৰ উপ-সভাপতি খৌৰমদাও ওৱাৰীয়ে উক্ত সন্দেহ প্ৰকাশ কৰি কয় যে ১৬, ১৭ আৰু ১৮ অক্টোবৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ত মূল্যায়নৰ বাবে নাকৰ এটা দল উপস্থিত হোৱাৰ কথা আছিল । কিন্তু তেওঁলোকে কোনো ধৰণৰ জাননী নিদিয়াকৈ তথা কোনো ধৰণৰ কাৰণ নোহোৱাকৈ অনুপস্থিত থাকে ।

এই সন্দৰ্ভত কোনো জ্ঞাত নোহোৱাটোও আন এক ৰহস্যজনক দিশ বুলি মন্তব্য কৰে খৌৰমদাও ওৱাৰীয়ে ৷ অজ্ঞাত চক্ৰই বড়োলেণ্ড বিশ্ববিদ্যালয়ক বদনামী কৰাৰ চেষ্টা চলাইছে বুলিও সন্দেহ প্ৰকাশ কৰিছে এবছুৰ উপ-সভাপতিগৰাকীয়ে ৷

তেওঁ কয় যে নাকৰ মূল্যায়ন হ'ব লাগে আৰু অতি শীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ নাকৰ দলৰ পৰিদৰ্শন কৰিবলৈ দাবী জনায় এবছুৰ উপ-সভাপতিগৰাকীয়ে ৷ নাকৰ মূল্যায়নৰ পূৰ্বে বড়োলেণ্ড বিশ্ববিদ্যালয় উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ কৰিব লাগে বুলি মন্তব্য কৰি এবছুৰ উপ-সভাপতিগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে উপাচাৰ্য লাড্ডু সিঙক আঁতৰোৱাৰ দাবীত এবছু অটল হৈ আছে ।

অহা ২০ অক্টোবৰত এবছুৱে ৰাজভৱনত বৈঠকত মিলিত হ’ব বুলি মন্তব্য কৰি বৈঠক বিফল হ’লে তাৰ পিছদিনাৰ পৰাই উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক আঁতৰোৱাৰ দাবীত এবছুৱে পুনৰাই আন্দোলন আৰম্ভ কৰিব বুলি সদৰী কৰে এবছুৰ উপ-সভাপতি খৌৰমদাও ওৱাৰীয়ে ।

উল্লেখ্য যে, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ অপসাৰণৰ দাবীত এবছুৱে আন্দোলন অব্যাহত ৰাখিছিল যদিও ১৬ অক্টোবৰৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত নাকৰ পৰিদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি এবছুৱে যোৱা ১১ অক্টোবৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছিল ৷ কিন্তু ইয়াৰ মাজতে হঠাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নাকৰ পৰিদৰ্শন বাতিল হয় ৷ ফলত সমগ্ৰ বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছে বড়ো ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক: Bodoland university controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক পদত্যাগ কৰি গুচি যোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.