ETV Bharat / state

BTR Accord anniversary: বি টি আৰ চুক্তিৰ সকলো দফা ৰূপায়নৰ দাবী এবছুৰ

author img

By

Published : Jan 28, 2022, 8:54 AM IST

বিটিআৰ চুক্তিৰ সকলো দফা সময় মতে ৰূপায়ণত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ তেওঁ কয় যে, কয় যে, বিটিআৰ চুক্তিয়ে বড়োভূমিৰ ৰাজনৈতিক আৰু আৰ্থ সামাজিক দিশত নতুনত্ব অনাৰ লগতে চুক্তিখনে অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাত সক্ষম হৈছে (ABSU prseident praises BTR Accord)৷

BTR Accord anniversary
BTR Accord anniversary

কোকৰাঝাৰ, 28 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰক, ৰাজ্য চৰকাৰ আৰু বড়ো জনগোষ্ঠীয় সংগ্ৰামী সংগঠনৰে ২০২০ চনৰ ২৭ জানুৱাৰী দিনটোতে সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিখনৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এৱছুৱে (ABSU celebrates BTR Accord anniversary)৷ এই উপলক্ষে কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে এৱছুৰ সাংগঠনিক পতাকা উত্তোলনেৰে বিটিআৰ চুক্তি দিৱস উদযাপনৰ শুভাৰাম্ভ কৰে এৱছুৰ সভাপতি দ্বীপেন বড়োৱে (BTR Accord anniversary celebration) ৷

BTR Accord anniversary
বিটিআৰ চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন

পতাকা উত্তোলনৰ পিছত দ্বীপেন বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে, বিটিআৰ চুক্তিয়ে বড়োভূমিৰ ৰাজনৈতিক আৰু আৰ্থ সামাজিক দিশত নতুনত্ব অনাৰ লগতে চুক্তিখনে অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাত সক্ষম হৈছে (ABSU prseident praises BTR Accord)৷ তেওঁ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱা দিনটোতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক চুক্তিৰ সকলোবোৰ দফা ১০০ শতাংশ ৰূপায়ন কৰিবলৈ দাবী জনাইছে ৷

দ্বীপেন বড়োৱে এই চুক্তিৰ সকলো দফা সময় মতে ৰূপায়ণত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে, যাতে বড়ো জনগোষ্ঠীৰ মনত আঘাত হানিব নোৱাৰে ৷ তেওঁ বিটিআৰ চুক্তিৰ স্বাৰ্থত বড়ো দল সংগঠন আৰু ৰাইজক ঐক্যবদ্ধতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷

বি টি আৰ চুক্তিৰ সকলো দফা ৰূপায়নৰ দাবী এবছুৰ

ইপিনে উদযাপনথলীত বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যপৰ্ণ কৰে কোকৰাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° সুৰত নাৰ্জাৰী আৰু শ্বহীদ বেদীত মাল্যপৰ্ণ কৰে কোকৰাঝাৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা বেৰলাও কাৰ্জীয়ে ৷ উল্লেখ্য যে, এৱছুৱে ক’ভিড প্ৰট’কল মানি উদযাপন কৰা বিটিআৰ চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠানত এৱছুৰ কৰ্মীৰ লগতে বুদ্ধিজীৱী নাগৰিক সকলো উপস্থিত থাকে ৷

লগতে পঢ়ক : BTR Peace Accord : ক’ভিড প্ৰটক’ল অনুযায়ী উদযাপন বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.