ETV Bharat / state

ABSU Annual Conference: কোকৰাঝাৰ জিলা এবছুৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ সামৰণি

এবছুৰ অধিবেশনৰ প্ৰতিনিধি সভাত আগন্তুক দুটা বছৰৰ কাৰ্যকালৰ বাবে এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিচাপে কৃপেশ দৈমাৰী আৰু সাধাৰণ সম্পাদক হিচাপ খাম্পা বসুমতাৰী পুনৰাই নিৰ্বাচিত কৰা হয় ৷ উল্লেখ্য যে, দেওবাৰে সামৰণি পৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা কোকৰাঝাৰ জিলা এবছুৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনখনৰ ৷

ABSU Annual Conference
কোকৰাঝাৰ জিলা এবছুৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনখনৰ সামৰণি
author img

By

Published : Dec 11, 2022, 8:22 PM IST

কোকৰাঝাৰ জিলা এবছুৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ সামৰণি

কোকৰাঝাৰ,১১ ডিচেম্বৰ: দেওবাৰে সামৰণি পৰিল কোকৰাঝাৰ জিলা এবছুৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনখনৰ(kokrajhar ABSU 54th Annual Conference) ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰৰ জিলাৰ ছালাকাটিৰ কান্ঠালগুৰীত ৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল এবছুৰ ৫৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন ৷ ছালাকাটিৰ জেৰেংগা পথাৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৪ সংখ্যক জিলা অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচী উপলক্ষে দেওবাৰে বিয়লি এক বিশাল মুকলি সভা অনুষ্ঠিত হয়(All Assam Bodo Students Union) ।

এবছুৰ কোকৰাঝাৰ জিলা সভাপতি কৃপেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ জিলা সভাপতি বানেশ্বৰ বসুমতাৰীয়ে ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োয়ে(ABSU president Dipen Boro) ৷ এবছুৰ সভাপতিগৰাকীৰ মন্তব্য- ‘‘ বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এবছুৱে অহৰ্নিশে কাম কৰি আছে, বড়ো আন্দোলনৰ দ্বাৰা বড়ো জাতিক প্ৰতিষ্ঠা কৰা হ'ল আৰু এতিয়া বড়ো জাতিক অগ্ৰণী জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এবছুৱে গুণগত শিক্ষা, মাতৃভাষা মাধ্যম , ক'লা- সাহিত্য -সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ উপৰিও সমাজৰ পৰা নিচাযুক্ত দ্ৰব্য নাইকীয়া কৰা, বেআইনী কাৰ্যকলাপ নাইকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।’’

এবছুৱে বিগত ৫৫ বছৰে বড়ো জাতিক সঠিক পথৰ সন্ধান দিয়াৰ লগতে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ৷

ইফালে, এবছুৰ অধিবেশনৰ প্ৰতিনিধি সভাত আগন্তুক দুটা বছৰৰ কাৰ্যকালৰ বাবে এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিচাপে কৃপেশ দৈমাৰী আৰু সাধাৰণ সম্পাদক হিচাপ খাম্পা বসুমতাৰী পুনৰাই নিৰ্বাচিত কৰা হয়(kripesh Daimary and kampa basumatary) ।

দেওবাৰৰ মুকলি সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু ৰেওৰেৱা নাৰ্জীহাৰী, বড়ো সাহিত্য সভাৰ জিলা সভাপতি বানেশ্বৰ বসুমতাৰী ,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ সুবুং বসুমতাৰী আৰু ট্ৰাইবেল সংঘ, বড়ো সমাজ , ডুব্বা ,আগছু , চাওতাল ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল সংগঠনৰ শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক : Kalita Alpine Peoples Conference in Nalbari: নলবাৰীত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.