ETV Bharat / state

ওৰাঙত অবড়ো সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ - Kokrajhar

বিটিআৰ চুক্তিৰ বিৰুদ্ধে ওৰাঙত উত্তাল প্ৰতিবাদ অবড়ো সুৰক্ষা সমিতিৰ সদস্য সকলৰ ।

 ওৰাঙত অবড়ো সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Oct 3, 2020, 9:44 PM IST

কোকৰাঝাৰ, ৩ অক্টোবৰ : বিটিআৰ চুক্তিক লৈ বিবেচিত আন্দোলন অব্যাহত থকাৰ সময়তে শনিবাৰে ওদালগুৰি জিলাৰ ৰৌতাত টায়াৰ জ্বলাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে অবড়ো সুৰক্ষা সমিতি সদস্য সকলে ।

প্ৰতিবাদকাৰী সকলে হাতত প্লে কাৰ্ড লৈ বিটিআৰ চুক্তি কাৰ্যকৰীকৰণৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰে । অবড়ো ৰাইজক অন্ধকাৰত ৰাখি এই চুক্তি স্বাক্ষৰ কৰা অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।

ইফালে বিটিএডিৰ 22 লক্ষ অবড়ো ৰাইজে এই চুক্তি মানি নলয় বুলি ঘোষণা কৰে অবড়ো সংগঠনটোৰ সদস্য সকলে । এই প্ৰতিবাদী কাৰ্যসূচীত গণ সুৰক্ষা পাৰ্টীৰ সম্পাদক ভাস্কৰ কলিতাইও অংশ গ্ৰহণ কৰে ।
আনহাতে, পথ অৱৰোধৰ ফলত ঘাইপথটোত প্ৰায় আধা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে যান বাহন , অৱশেষত ওৰাঙ আৰক্ষী উপস্থিত হৈ মুকলি কৰে ঘাইপথটো।

লগতে পঢ়ক : বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে ফটো ভাইৰেল ছ’চিয়েল মেডিয়াত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.