ETV Bharat / state

কোকৰাঝাৰত আমছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Aug 27, 2020, 8:44 PM IST

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিটিএডি এলেকাত অধিক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ দাবী জনোৱাৰ লগতে ভুক্তভোগী পৰিয়ালক দহ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে আমছুয়ে ৷

AAMSU protest in kokrajhar
কোকৰাঝাৰত আমছুৰ অৱস্থান ধৰ্মঘট

কোকৰাঝাৰ, ২৭ আগষ্ট : বিটিএডিত ৰাজ্যপালৰ শাসন চলি থকা সময়ত চাৰিজন সংখ্যালঘু সম্প্ৰদায়ৰ নিৰীহ ব্যক্তিক হত্যা কৰা হৈছে কিন্তু প্ৰশাসনে দোষীক কৰায়ত্ত কৰিব নোৱাৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুয়ে ৷

যাৰ প্ৰতিবাদতে বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত আমছুয়ে বিভিন্ন দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মুখত কলা কাপোৰ পৰিধান কৰি বেনাৰ ফেষ্টুন লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷

AAMSU protest in kokrajhar

বিটিচিত ৰাজ্যপালৰ শাসনৰ সময়চোৱাতে খাইৰুল ইছলাম, আমিনুৰ ৰহমান খান, ৰোহিম বাৎচাহ আৰু এগৰাকী 14 বছৰীয়া ছাত্ৰীক হত্যা কৰিছিল দুস্কৃতিকাৰীয়ে | কিন্তু আজিলৈকে আটক নহ'ল এজনো হত্যাকাৰী ৷

নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিটিএডি এলেকাত অধিক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ দাবী জনোৱাৰ লগতে ভুক্তভোগী পৰিয়ালক দহ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে আমছুয়ে ৷

লগতে পঢ়ক : কোকৰাঝাৰত অঘটন: গৌৰাং নৈত উটি গ’ল মাছ মাৰিবলৈ যোৱা ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.