কোকৰাঝাৰ, 6 অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰস্থিত শিশু উদ্যান প্ৰাংগনৰ সন্মুখত সদৌ অসম সংখ্যালঘু ছাত্র সন্থা চমুকৈ আমছুই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ ছয় দফীয়া দাবীৰ সমৰ্থনত আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে’ কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমছুৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হায় হায় ,বিজেপি চৰকাৰ মুৰ্দাবাদ, ইউপিপিএল চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমছুই আধাৰ কাৰ্ড বঞ্চিতসকলক আধাৰকাৰ্ড যোগান ধৰা, চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি যোগান বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সংখ্যালঘু মুছলমানসকলক বসুন্ধৰা-2 আঁচনিত অন্তৰ্ভুক্ত কৰা, বিদ্যালয়সমূহত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি দিয়া আৰু কোকৰাঝাৰৰ মাছুৱাঘাটত অৰ্ধনিৰ্মিত অৱস্থাত থকা দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী জনায় ৷
জিলা উপায়ুক্তৰ জৰিয়তে উল্লেখিত দাবী সম্বলিত এক স্মাৰকপত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ ইপিনে দাবী পূৰণ নকৰিলে ৰে'লপথ, ঘাইপথ অৱৰোধৰ হুংকাৰ প্ৰদান কৰে ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা আমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে ৷ আমছুৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমীৰ আলী, কেন্দ্ৰীয় কোষাধ্যক্ষ আমিনুৰ ইছলাম, জিলা মুখ্য উপদেষ্টা আনোৱাৰ হুছেইন, জিলা সাধাৰণ সম্পাদকদ্বয় ক্ৰমে জাকিৰ হুছেইন আৰ ইদ্ৰিছ আলীসহ ছাত্ৰ সংগঠনটোৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: Child Protection Meeting : মৰিগাঁৱৰ জিলা আয়ুক্তৰ উপস্থিতিত শিশু সুৰক্ষা সম্পৰ্কীয় বৈঠক সম্পন্ন