ETV Bharat / state

গোসাইগাঁৱত আদিবাসী কোব্ৰা মিলিটাৰীৰ প্ৰতিষ্ঠা দিৱস পালন - উপ সেনাধ্যক্ষ

চলিত বৰ্ষতে আদিবাসী জনগোষ্ঠীৰ সমস্যাবোৰ সমাধান নকৰিলে বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়নি দিয়ে আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছামৰ উপ সেনাধ্যক্ষ ৰতন টুডুৱে ৷

AAKMA Celebration Foundation Day At Kokrajhar
গোসাইগাঁৱত আদিবাসী কোব্ৰা মিলিটাৰীৰ প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Jul 7, 2020, 10:21 PM IST

কোকৰাঝাৰ, 7 জুলাইঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও কান্দানা পাৰাস্থিত ডেজিগনেটেড শিবিৰত আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম চমুকৈ (আকমা)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ চলিত বৰ্ষতে সংগঠনটোৰ লগতে আদিবাসী জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনটোৰ নেতৃবৰ্গই ৷

গোসাইগাঁৱত আদিবাসী কোব্ৰা মিলিটাৰীৰ প্ৰতিষ্ঠা দিৱস পালন

উল্লেখ্য যে, ১৯৯৬ চনত ১৫ মে’ত আৰম্ভ হোৱা আদিবাসী-বড়ো জনগোষ্ঠীৰ মাজত সংঘটিত ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ সময়ত নিজৰ জাতিৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষাৰ বাবে একাংশ আদিবাসী যুৱকে হাতত অস্ত্ৰ তুলি লৈ 7 জুলাইত আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম চমুকৈ (আকমা) নামৰ সশস্ত্ৰ সংগঠনটো গঠন কৰিছিল ৷ দীৰ্ঘদিন ধৰি আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ অন্তত ২০০৫ চনত যুদ্ধ বিৰতি ঘোষনা কৰি চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখে সংগঠনটোৰ নেতৃত্বই ৷ কিন্তু চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে যদিও আজিলৈকে আদিবাসীৰ জলন্ত সমস্যাবোৰ সমাধান হোৱা নাই বুলি আজি আকমাৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অভিযোগ উত্থাপন কৰে আকমাৰ নেতৃবৰ্গই ৷

প্ৰতি বছৰৰ দৰে মঙলবাৰে আকমাৰ ডেজিগনেটেড শিবিৰত ২৫ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলন কৰে আকমাৰ অধ্যক্ষ উৰখানদান কিস্কোটাই আৰু শ্বহীদ তৰ্পন কৰে উপ সেনাধ্যক্ষ ৰতন টুডুৱে ৷ আদিবাসীৰ সমস্যা অতিশীঘ্ৰে সমাধান নহ'লে সংগঠনটোৱে বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ব বুলি ৰতন টুডুৱে সাংবাদিকৰ আগত চৰকাৰক হুংকাৰ দিয়ে ৷

লগতে পঢ়ক- পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.