ETV Bharat / state

গোসাঁইগাঁৱত গাঞ্জা ভৰ্তি ট্ৰাক জব্দঃ এজনক আটক - গাঞ্জা উদ্ধাৰ

দেওবাৰে নিশা গোসাঁইগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত ৰাষ্ট্ৰীয় পথৰ পৰা গাঞ্জা ভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

গোসাঁইগাঁৱত গাঞ্জা ভৰ্তি ট্ৰাক জব্দঃ এজনক আটক

author img

By

Published : Nov 9, 2020, 10:34 AM IST

কোকৰাঝাৰ, 9 নৱেম্বৰঃ গোসাঁইগাঁও মহকুমাৰ ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ শিমুলটাপুত আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এখন ট্ৰাক জব্দ কৰে দেওবাৰে নিশা। এই ঘটনাৰ লগত জড়িত এজন লোককো আটক কৰো গোঁসাইগাঁও আৰক্ষীয়ে ৷

আটক ট্ৰাক চালক ৰমেশ সিঙ
আটক ট্ৰাক চালক ৰমেশ সিঙ
জানিব পৰা মতে, গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষীয়ে দেওবাৰে নিশা গোপন সূত্ৰৰ ভিত্তিত ৩১ (গ) নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই WB-24E-8496 নম্বৰৰ এখন ছয় চকীয়া ট্ৰাক জ্বদ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ট্ৰাকখনৰ পৰা পিছত তালাচী চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ ভিতৰত পৰা ২৬ পেকেট গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা গাঞ্জাসমূহৰ পৰিমাণ আছিল ২৫০ কেজি । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইয়াৰ বজাৰ মূল্য প্ৰায় আঠ লাখ টকা হ'ব । আনহাতে ট্ৰাকখনৰ লগতে চালক ৰমেশ সিঙক আটক কৰি অব্যাহত ৰাখিছে তদন্ত। উল্লেখ যে ট্ৰাকখন গুৱাহাটীৰ পৰা পশ্চিমবংগ অভিমুখে গৈ আছিল।

লগতে চাওকঃ অৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.