ETV Bharat / state

55 বছৰীয়া লম্পটৰ কামনাৰ বলি ন বছৰীয়া নাবালিকা

author img

By

Published : May 22, 2021, 10:07 PM IST

কোকৰাঝাৰ জিলাৰ বিশমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱৰ ন বছৰীয়া নাবালিকা এগৰাকীক একে গাঁৱৰে ৰঘুনাথ নাৰ্জাৰী (55) নামৰ এজন লোকে একাধিকবাৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে বিশমুৰী উপ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে যদিও সম্প্ৰতি অভিযুক্ত জন পলাতক অৱস্থাত আছে ৷

55 বছৰীয়া লম্পটৰ কামনাৰ বলি ন বছৰীয়া নাবালিকা
55 বছৰীয়া লম্পটৰ কামনাৰ বলি ন বছৰীয়া নাবালিকা

কোকৰাঝাৰ, ২২ মে : কোকৰাঝাৰ জিলাত পুনৰ এগৰাকী নাবালিকা যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ জিলাখনৰ বিশমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ গাঁৱখনৰ ন বছৰীয়া নাবালিকা এগৰাকীক একে গাঁৱৰে ৰঘুনাথ নাৰ্জাৰী (55) নামৰ এজন লোকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ৷

নাবালিকা গৰাকীয়ে নিজ পিতৃ-মাতৃৰ আগত অৱগত কৰাৰ পিছতহে ঘটনাটো পোহৰলৈ আহে ৷ ইতিমধ্যে ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালে বিশমুৰী আঞ্চলিক এবছুৰ সহযোগত বিশমুুুৰী উপ আৰক্ষী চকীত অভিযুক্ত ৰঘুনাথ নাৰ্জাৰী বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে ৷

উক্ত এজাহাৰ ভিত্তিত বিশমুৰী আৰক্ষীয়ে পচকো (POSCO) আইনৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইপিনে ঘটনাটো পোহৰলৈ অহাৰ পাছৰে পৰা ৰঘুনাথ নাৰ্জাৰী নামৰ লোকজন পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷

ইফালে জিলাখনত বৃদ্ধি পোৱা এনে ধৰণৰ অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কোকৰাঝাৰ জিলা এবছুয়ে ৷ শনিবাৰে কোকৰাঝাৰৰ টেঙাপাৰাত সংবাদ মাধ্যমৰ আগত জিলা এবছুৰ সভাপতি কৃপেশ দৈমাৰীয়ে উদ্বেগ প্ৰকাশ কৰি এনে অমানৱীয় কাৰ্যকলাপৰ লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে ৷

লগতে পঢ়ক:ৰিতুল শইকীয়াৰ বাস গৃহত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.