ETV Bharat / state

এগৰাকী বৃদ্ধৰ কৰুণ জীৱন সংগ্ৰাম - এগৰাকী বৃদ্ধ

পুত্ৰ-জীয়ৰীৰ পৰা অৱহেলিত বৃদ্ধগৰাকী

এগৰাকী বৃদ্ধৰ কৰুণ জীৱন সংগ্ৰাম
author img

By

Published : Mar 12, 2019, 8:04 PM IST

কোকৰাঝাৰ চহৰৰ ১০নং ৱাৰ্ডৰ বাসিন্দা সন্দেশ্বৰ বসুমতাৰী, এসময়ৰ কোকৰাঝাৰ চহৰৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰৰূপে কাম কৰা সন্দেশ্বৰ বসুমতাৰীয়ে এমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ । এক প্ৰতিবেদন ...

এগৰাকী বৃদ্ধৰ কৰুণ জীৱন সংগ্ৰাম

কোকৰাঝাৰ চহৰৰ ১০নং ৱাৰ্ডৰ বাসিন্দা সন্দেশ্বৰ বসুমতাৰী, এসময়ৰ কোকৰাঝাৰ চহৰৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰৰূপে কাম কৰা সন্দেশ্বৰ বসুমতাৰীয়ে এমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ । এক প্ৰতিবেদন ...

এগৰাকী বৃদ্ধৰ কৰুণ জীৱন সংগ্ৰাম
Intro:৮৯ বৰ্ষীয়ান বৃদ্ধৰ কৰুণ কাহিনী: বৃদ্ধৰ বয়সত নিজৰ জীৱিকাৰ বাবে সংগ্ৰাম কোকৰাঝাৰ চহৰৰ সন্দেশ্বৰ বসুমতাৰী ।।
  

 কোকৰাঝাৰ চহৰৰ ১০ ওৱাৰ্ডৰ বাসিন্দা সন্দেশ্বৰ বসুমতাৰীৰ কথা কবলৈ গৈছো, যি জন কোকৰাঝাৰ চহৰৰ এটা সময়ৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ আছিল।




Body:চাৰিটা ল’ৰা,দুজনী ছোৱালী পত্নী সহ সুখৰ সংসাৰ আছিল ৷ কিন্তু কালৰক্ৰমত সকলো যেন থানবান হৈ গল ৷
ডাঙৰ ল’ৰা সন্ধানহীন হ’ল,পত্নীৰ মৃত্যু হ’ল, বাকী দুজন ল’ৰা বিয়া বাৰু কৰাই ভালে চৰকাৰী বিভাগত চাকৰিও কৰিয়েছে ৷ দুজনী ছোৱালী বিয়া হয় গল ৷ কিন্তু ল’ৰাছোৱালী আছে যদিও তেওঁক নাচায়। জাৰফলত ৰাস্তাত পেলনীয়া সামগ্ৰী বুটলি সেইবোৰকে বিক্ৰী কৰি কোনোমতে ভাতমুঠিৰ যোগাৰ কৰে ৷ দিনত এসাজ খাই এসাজ লগন থাকি বৃদ্ধ জীৱনতো জঙ্গলৰে ভৰা জপৰিত দিনে ৰাতি পাৰ কৰিব লগা হৈছে একালৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ।

তেওঁৰ অভিযোগ কৰে লৰা- ছোৱালী কনোধোৰণৰ পিতৃ হিচাবে মানি লোৱা নাই ,যাৰ কাৰণে এনেকৈ জীৱনত এমুঠি কাৰণে সংগ্ৰাম কৰিবনালাগিল হয়।

যিহেতু ল’ৰা-ছোৱালীয়ে তেওঁৰ দায়িত্ব নলয় সেয়ে তেওঁৰ সম্পত্তিৰ অধিকাৰো তেওঁলোকৰ নাই তেওঁ উল্লেখ কৰে।




Conclusion:সেয়ে চহৰৰ মাজিয়াত থকা ভেটি মাটিৰ  ২ বিঘা কেন্দ্ৰীয় চৰকাৰক বৃদ্ধগৰাকীৰ পিতৃ শেহতীয়াকৈ কাশ্মীৰত নিহত হোৱা শ্বহীদৰ নামত উইল কৰি দিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰে ৷ ইয়াৰ বিনিময়ত জীয়াই থকা দিন কেইটা যাতে চৰকাৰে তেওঁৰ জীৱনৰ দায়িত্ব লয় ৷ অৰ্থাৎ এটা বৃদ্ধপেঞ্চনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বিয়া দিয়া জীয়ৰী এজনীৰ ল’ৰা সন্তান জন্ম দি ১০ মাহৰ পাছতে মৃত্যু হোৱাত নিজেই ডাঙৰ-দীঘল কৰা নাতিটোক এট সৰু সংস্থাপন দিব লাগে ৷ কাৰন নাতিটোৱে মৃত্যুলৈকে চাব বুলি বৃদ্ধৰ গৰাকীৰ দৃঢ় বিশ্বাস ৷

চৰকাৰৰ ওচৰত   বহুবাৰ আবেদন কৰিছে যদিও আজিলৈকে বৃদ্ধ পেঞ্চনো পোৱা নাই ৷  অতি কদৰ্য অৱস্থাত থকা বৃদ্ধ গৰাকীয়ে উপায়ন্তৰ হৈ Etv Bharat ৰ সহায় বিচাৰিছে ৷ এটা সময়ত বিশাল সম্পত্তিৰ মালিক বৃদ্ধগৰাকীৰ আজি এই অৱস্থা   ৷ হুকহুকাই কান্দি  চৰকাৰলৈ কাতৰ অনুৰোধ তেখেতে যাতে জীয়াই থকা দিনকেইটা যাতে সুখেৰে পাৰ কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.