ETV Bharat / state

বিটিআৰ নামেৰে নতুন বড়ো চুক্তি: আনন্দ-উলাসৰ মাজত বড়ো জনগোষ্ঠী - 3rd Bodo Peace Treat- BTR

দিল্লীত বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতেই আনন্দত আত্মহাৰা হৈ পৰিল বড়ো বসতি প্ৰধান অঞ্চল । কোকৰাঝাৰ, চিৰাং আৰু বাক্সা এই তিনিওখন বড়ো অধ্যুষিত জিলাতে আনন্দৰ উলাসৰে নৃত্য-গীত কৰি বড়ো শান্তি চুক্তিক আদৰণি ৷

3rd Bodo Peace Agreement celebration
বিটিআৰ নামেৰে নতুন বড়ো চুক্তি: আনন্দ-উলাসৰ মাজত বড়ো জনগোষ্ঠী
author img

By

Published : Jan 27, 2020, 11:09 PM IST

কোকৰাঝাৰ,26 জানুৱাৰী: অৱশেষত কেন্দ্ৰীয় চৰকাৰ এনডিএফবি সৈতে দিল্লীত তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হ'ল । বিটিএডিৰ সলনি বিটিআৰ নামাকৰনেৰে গঠন কৰা হ'ল । এনডিএফবি চাৰিটা গোটৰ নেতা ক্ৰমে ৰঞ্জন দৈমাৰী, গোবিন্দ বাসুমতাৰী, ধীৰেন বড়ো, বি চাউৰাইগৌৰা লগতে এবছুৰ সভাপতি প্ৰমোদ বড়োসহ পিজেএচিবিএম আৰু ইউবিপিপিঅৰ নেতাই স্বাক্ষৰ কৰিলে এই চুক্তিত । সাক্ষ্যৰ পিছতে বড়ো ভূমিত আনন্দৰ বন্যা দেখা গ'ল আজি দিনটো । বিটিএডিৰ চাৰিওখন জিলাৰ বিভিন্ন প্ৰান্তত ফটকা ফুটাই জনতাই আনন্দ উলাহ কৰাৰ সমান্তৰালকৈ কোকৰাঝাৰষ্টিত এবছু কেন্দ্ৰীয় কাৰ্যালয়ত ব্যাপক আনন্দ উলাহ পৰিলক্ষিত হয় । খাম, চিফুংৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে ।

বড়ো চুক্তিক লৈ কোকৰাঝাৰত আনন্দৰ বন্যা

একেদৰে, বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে চিৰাং জিলা এবছুৰ কাৰ্য্যালয়, বিজনী আঞ্চলিক এবছুৰ কাৰ্য্যালয় আদিত আনন্দৰ লহৰ বোৱা পৰিলক্ষিত হৈছে । গ্ৰামাঞ্চলৰ পৰা বড়ো পুৰুষ-মহিলা, ডেকা-গাভৰু ওলাই আহি এইদৰেই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে । চিৰাং জিলাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক পৰক্ষিত হোৱাৰ মাজতেই এই দৰে আনন্দ উপভোগ কৰিলে ফটকা ফুটাই ।

চিৰাঙত নৃত্য-গীতৰে বড়ো চুক্তিক আদৰণি

ইপিনে,বাক্সাত আনন্দত মতলীয়া বড়ো জনগোষ্ঠীৰ লোক ৷ বাক্সাৰ বৰমাত বড়ো শান্তি চুক্তিক লৈ এতিয়া চৌপাশে চলিছে আনন্দ উৎসৱ ৷ নৃত্য গীত, হিলৈ ফুটাই, মিঠাই খুৱাই আনন্দত মতলীয়া হোৱা দেখা গৈছে বড়ো জনগোষ্ঠীৰ লোকসকলক ৷

বাক্সা বড়ো চুক্তিক লৈ আনন্দ উল্লাসৰ ঢৌ

উল্লেখযোগ্য যে 1993 চনত বিএচি নামেৰে প্ৰথমটো বড়ো চুক্তি, 2003 চনত বিএলটি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দ্বিতীয় বড়ো চুক্তি 'বিটিচি' হৈছিল ।

লগতে পঢ়ক:তৃতীয় বড়ো শান্তি চুক্তি: কি পালে বড়োসকলে !

Intro:অৱশেষত কেন্দ্ৰীয় চৰকাৰ এনডিএফবি সৈতে দিল্লীত তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হল।

বিটিএডিৰ সলনি বিটিআৰ নামাকৰনেৰে গঠন কৰাহল।

এনডিএফবি চাৰিটা গোটৰ নেতা ক্ৰমে ৰঞ্জন দৈমাৰী, গোবিন্দ বাসুমতাৰী, ধীৰেন বড়ো, বি চৰাইগৌৰা
লগতে এবছুৰ সভাপতি প্ৰমোদ বড়োসহ পিজেএচিবিএম আৰু ইউবিপিপিঅৰ নেতাই স্বাক্ষৰ কৰিলে এই চুক্তিত।

Body:সাক্ষ্যৰ পিছতে বড়ো ভূমিত আনন্দৰ বন্যা দেখা গল আজি দিনটো। বিটিএডিৰ চাৰিওখন জিলাৰ বিভিন্ন প্ৰান্তত ফটকা ফুটাই জনতাই আনন্দ উলাহ কৰাৰ সমান্তৰালকৈ কোকৰাঝাৰষ্টিত এবছু কেন্দ্ৰীয় কাৰ্যালয়ত ব্যাপক আনন্দ উলাহ পৰিলক্ষিত হয়। খাম, চিফুংৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে।

Conclusion:উল্লেখযোগ্য যে 1993 চনত বিএচি নামেৰে প্ৰথমটো বড়ো চুক্তি, 2003 চনত বিএলটি সৈতে বিটিচি চুক্তি হৈছিল।

দীৰ্ঘদিনধৰি বড়ো ভূমিত অশস্ত্ৰ সংগ্ৰাম কৰাতো অন্ত পৰাক চিৰ শান্তি আহিববুলি বিটিচি বাসীয়ে আশা কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.