কোকৰাঝাৰ, 28মেঃ কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ কোৱাৰাণ্টাইন চেণ্টাৰৰ পৰা পলায়ন ৩৩ জনকৈ লোক ৷
বিশ্বত কৰ'ণা ভাইৰাছৰ সংক্ৰমণে হাহাকাৰ সৃষ্টি কৰাৰ সময়ছোৱাতে কোকৰাঝাৰৰ বেচৰগাঁওস্থিত নাৰ্ছিং ট্ৰেইনিংৰ কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্য অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ৩৩ গৰাকীকৈ কোৱাৰেন্টাইন হৈ থকা লোকে আজি পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি তুলিছে ৷ আনহাতে এই খবৰ ততালিকে কোকৰাঝাৰ আৰক্ষীক অৱগত কৰে ৷ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ নেতৃত্বত অভিযান চলাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাই অহা দলটোক বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ওচৰত কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ পিছত আটাইকে আৱদ্ধ কৰি পুনৰ গাড়ীৰে বেচৰগাঁওস্থিত নাৰ্ছিং ট্ৰেইনিং চেণ্টাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত থৈ আহে । আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সদৰি কৰা মতে কোৱাৰেইণ্টান চেণ্টাৰৰ পৰা নীতি বহিৰ্ভূতভাৱে বাহিৰলৈ ওলাই অহা আৱাসী সকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব । আনহাতে, মুলত উক্ত কোৱাৰেইন্টাইন কেন্দ্ৰত খোৱা খাদ্য আৰু পানীৰ অভাৱৰ বাবেই তেওঁলোকে পলায়ন কৰিবলৈ বাধ্য হোৱা বুলি সদৰী কৰিছে ।
লগতে পঢ়কৃ- গোলাঘাটত উপস্থিত 300ৰো অধিক বহিঃৰাজ্যৰ যাত্ৰী