ETV Bharat / state

কচুগাওঁ বনাঞ্চলত বন গাহৰি-পহু মাংসসহ তিনি চোৰাং চিকাৰী আটক

author img

By

Published : Oct 22, 2020, 9:13 AM IST

কোকৰাঝাৰ জিলাৰ কচুগাঁও বনাঞ্চলৰ পৰা তিনি গৰাকী বন্যপ্ৰাণী চিকাৰীক বন বিভাগে হাতেলোটে আটক কৰিবলৈ সক্ষম হয় বৃহস্পতিবাৰে ৷ আটকাধীন চিকাৰী কেইজনৰ পৰা পহু আৰু বন গাহৰিৰ মাংস উদ্ধাৰ কৰে বন বিভাগৰ অভিযানকাৰী দলে ৷ ৷

কচুগাওঁ বনাঞ্চলত বন গাহৰি-পহু মাংসসহ তিনি চোৰাং চিকাৰী আটক
কচুগাওঁ বনাঞ্চলত বন গাহৰি-পহু মাংসসহ তিনি চোৰাং চিকাৰী আটক

কোকৰাঝাৰ, 22 অক্টোবৰ : বৃহস্পতিবাৰে কাহিলী পুৱাই কচুগাঁও বন সংমণ্ডলৰ চেন্ট্ৰেল ৰেঞ্জৰ দায়িত্বত থকা ফৰেষ্ট ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত যোৱা বন কৰ্মী আৰু গ্ৰীন ফৰেষ্ট কনজাৰ্ভেশ্যনৰ কৰ্মী সকলৰ এটা যৌথ দলে কচুগাঁও বনাঞ্চলৰ লটামাৰী এলেকাত এক গোপন সুত্ৰৰ ভিত্তিত অভিযান চলায় ৷ এই অভিযানৰ সময়ত বনাঞ্চলৰ দুৰ্গম এলেকাৰ পৰা চাইকেলেৰে আহি থকা চাৰিগৰাকীকৈ চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰি বন কৰ্মীয়ে আটক কৰাৰ চেষ্টা চলাই যদিও বন বিভাগৰ উমান পাই এজন চোৰাং চিকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আন তিনি গৰাকীক বন কৰ্মীয়ে আটক কৰে ৷

হৰিণ আৰু বন গাহৰীৰ মাংস উদ্ধাৰ
হৰিণ আৰু বন গাহৰীৰ মাংস উদ্ধাৰ

আটকাধীন কেইগৰাকী ক্ৰমে কিছুন মুৰ্মু,ভাগন হেমব্ৰম আৰু লক্ষীৰাম মুৰ্মু বুলি জানিব পৰা গৈছে ৷ আটক কৰা লোক চোৰাং চিকাৰী কেইজনৰ পৰা হৰিণ আৰু বন গাহৰীৰ মাংস উদ্ধাৰ কৰাৰ উপৰি দুখন চাইকেল,খুকুৰী আৰু ধনুকাড় জব্দ কৰে বন কৰ্মীয়ে ৷ আদিবাসী সম্প্ৰদায়ৰ লোক কেইজনে ইয়াৰ পূৰ্বেও বনাঞ্চলত জীৱ জন্তু চিকাৰ কৰিবলৈ আহিছিল বুলি প্ৰকাশ কৰে ৷ সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণী হত্যা কৰাৰ অভিযোগত এক গোচৰ ৰুজু কৰি বন বিভাগে আটকাধীন তিনিওজনকে জেল হাজাতলৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃ সদিচ্ছাৰ অভাৱত ছয় দশক ধৰি উত্তপ্ত অসম তথা উত্তৰ-পূবৰ সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.