ETV Bharat / state

BTR day celebration: কোকৰাঝাৰত BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

author img

By

Published : Dec 20, 2022, 9:57 AM IST

কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন BTR পৰিষদীয় চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান (2nd anniversary of BTR celebrated in Kokrajhar) ৷ বৰ্ষপূতি উদযাপনৰ সতে সংগতি ৰাখি মঙলবাৰে পুৱা 5.30 বজাত বাহিৰ কৰা হয় এক শান্তিৰ পদযাত্ৰা (Walk for Peace) ৷ পদযাত্ৰাত অংশগ্ৰহণ কৰে BTR প্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকীও কাৰ্যবাহী সদস্য তথা পাৰিষদে ৷

2nd anniversary of BTR celebrated in Kokrajhar
কোকৰাঝাৰত BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

কোকৰাঝাৰ, 20 ডিচেম্বৰ: কোকৰাঝাৰত প্ৰমোদ বড়ো নেতৃত্বাধীন BTR পৰিষদীয় চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান (Two-year anniversary of BTR Council Government) ৷ BTR প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা নগৰস্থিত BTR সচিবালয়ৰ পথাৰত মঙলবাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় এই বৰ্ষপূৰ্তি অনুষ্ঠান (2nd anniversary of BTR celebrated in Kokrajhar) ৷ বৰ্ষপূতি উদযাপনৰ সৈতে সংগতি ৰাখি মঙলবাৰে পুৱা 5.30 বজাত শান্তিৰ বাবে এক পদযাত্ৰা উলিওৱা হয় (Walk for Peace) ৷

BTR সচিবালয়ৰ পৰা উলিওৱা শান্তিৰ পদযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে BTC ৰ অধ্যক্ষ কাতিৰাম বড়ো (BTC Chairman Katiram Bodo) আৰু কাৰ্যবাহী সদস্য দাওবৈছা বড়োই ৷ শান্তিৰ পদযাত্ৰাত অংশগ্ৰহণ কৰে BTR প্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৷ দেশভক্তি তথা বিভিন্ন শান্তিমূলক সংগীতৰে আৰম্ভ কৰা পদযাত্ৰা কোকৰাঝাৰ চহৰৰ বিভিন্ন পথত পৰিভ্ৰমণ কৰাৰ পাছত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত সামৰণি পৰে ৷

এই পদযাত্ৰাত অংশগ্ৰহণ কৰি সমূহ কাৰ্যবাহী সদস্য তথা বিষয়া-কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে (BTR Chief Pramod Bodo) ।

লগতে এই দুবছৰে সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰাৰ বাবে BTR ৰ সমূহ জনতাক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে BTR প্ৰধানগৰাকীয়ে মন্তব্য কৰে যে BTR চৰকাৰৰ মূল লক্ষ্যই হ’ল শান্তি-ঐক্য বজাই ৰখা আৰু যাৰ বাবে বিটিআৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ সতে সংগতি ৰাখি এই শান্তিৰ পদযাত্ৰা কাৰ্যসূচী লোৱা হৈছে ।

শান্তিৰ পদযাত্ৰাৰ জৰিয়তে অনাগত তিনিবছৰত বড়োলেণ্ডত শান্তি-সম্প্ৰীতি অক্ষুন্ন ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰমোদ বড়োৱে । বৰ্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা বুুলি জানিবলৈ দিয়ে বড়োৱে । ইতিমধ্য়ে 15 ডিচেম্বৰৰ পৰাই বিভিন্ন কাৰ্যালয়সমূহত যোগাসনকে আদি কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে, 17 ডিচেম্বৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো উদযাপন কৰা হয় ।

উল্লেখ্য যে, বৰ্ষপূতি উদযাপনৰ বাবে মঙলবাৰে দিনজোৰা অন্যান্য কাৰ্যসূচী অনুযায়ী দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ, কোকৰাঝাৰৰ ভাটিপাৰাত থকা বডোলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিৎ নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত শ্বহীদ তৰ্পন আৰু BTR সচিবালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব ৷ ইয়াৰ পিছতেই পুৱা 10.300 বজাত বিভিন্ন বিভাগৰ সফলতাসমুহ উপস্থাপন কৰা হ'ব ।

আনহাতে BTR চৰকাৰৰ দুবছৰীয়া বৰ্ষপূতি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল জগদীশ মুখী আৰু বিশেষ অতিথি হিচাপে বিজেপিৰ কেন্দ্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাই অংশগ্ৰহণ কৰিব ৷ সমূহ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰে BTR প্ৰধানগৰাকীয়ে ।

লগতে পঢক: Assam Cabinet Decision : অসমৰ পৰ্যটনক উদ্যোগ হিচাবে স্বীকৃতি কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.