ETV Bharat / state

কোকৰাঝাৰত ১৭ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন

author img

By

Published : Feb 10, 2019, 7:10 PM IST

বিটিচি চুক্তিৰ ৯০ শতাংশ দফা কাৰ্যকাৰী হৈছে : হাগ্ৰামা

১৭ সংখ্যক বড়োলেণ্ড দিৱসত হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ,১০ফেব্ৰুৱাৰী: ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত হোৱা ঐতিহাসিক বি টি চি চুক্তিয়ে দেওবাৰে ১৭ বছৰ পূৰ্ণ কৰিলে। প্ৰতিবছৰে বি টি চি চৰকাৰৰ সহযোগত বদফা নগৰত অনুষ্ঠিত কৰা বড়োলেণ্ড দিৱস এইবেলিও জাকজমকতাৰে পালন কৰা হয়।

১৭ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন
undefined

এই অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচীত দেৱৰগাঁওস্থীত শ্বহীদ উদ্যানত পুৱা শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। লগতে মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত শ্বহীদৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি বিটিচি চুক্তিৰ ৯০ শতাংশ দফাই কাৰ্যকাৰী হোৱা বুলি মন্তব্য কৰে । অসম চৰকাৰৰ তৰফৰ পৰা বড়োলেণ্ড আন্দোলনৰ শ্বহীদৰ পৰিয়ালক পাঁচ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা বাবে অসম চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালকো হাগ্ৰামা মহিলাৰীয়ে ধন্যবাদ জ্ঞাপন কৰে ।

ইপিনে এই বড়োলেণ্ড দিৱসৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশ লৈ অসমৰ সকলো দিশ- শিক্ষা, স্বাস্থ্য, পৰ্যটনকে ধৰি বহুকেইটা দিশত অগবাঢ়ি যোৱাৰ প্ৰসংগত মত প্ৰকাশ কৰে । তেওঁ লগতে বিশ্ব বিনিয়োগ সন্মিলনৰ চুক্তিসমূহো কাৰ্যক্ষেত্ৰত পৰিণত হোৱা বুলি মন্তব্য কৰে ।

উল্লেখ্য যে এই অনুষ্ঠানত বিটিচি প্ৰধানৰ ওপৰি সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমিলা ৰাণী ব্ৰহ্মকে ধৰি বিটিচিৰ বহুকেইজন বিষয়-ববিয়া আৰু বড়োলেণ্ডৰ শ্বহীদৰ পৰিয়ালবৰ্গ উপস্থিত থাকে ।

Intro:কোকৰাঝাৰত ১৭ তম বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী আৰম্ভ , শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী হাগ্ৰামাৰ ।

বিটিচি চুক্তিৰ ৯০ শতাংশ দফা কাৰ্যকাৰী হৈছে : হাগ্ৰামা ।

কোকৰাঝাৰ/১০ ফেব্ৰুৱাৰী:-২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হোৱা ঐতিহাসিক বিটিচি চুক্তিয়ে ১৭ বছৰ পূৰ্ণ কৰিলে । প্ৰতিবছৰে বিটিচি চৰকাৰৰ উদ্যোগত জাকজমকতাৰে অনুষ্ঠিত হোৱা "বড়োলেণ্ড দিৱস" এইবেলিও ব্যাপকভাৱে অতি জাকজমকতাৰে পালনৰ সিদ্ধান্ত লৈছে ।সেই উপলক্ষে আজি ১৭ তম বড়োলেণ্ড দিৱস উপলক্ষে কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮:০০বজাত দেৱৰগাঁওস্থিত শ্বহীদ উদ্যানত শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপৰিও শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সাংসদ বিশ্বজিৎ দৈমাৰী , মন্ত্ৰী চন্দন ব্ৰহ্মকে ধৰি বিটিচিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য , নিৰ্বাচিত সদস্যৰ উপৰিও শ্বহীদৰ পৰিয়ালবৰ্গৰ লগতে সহস্ৰাধিক জনতা উপস্থিত থাকে । 

Body:শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী দিয়াৰ পিছত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত শ্বহীদৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি বিটিচি চুক্তিৰ ৯০ শতাংশ দফাই কাৰ্যকাৰী হোৱা বুলি প্ৰকাশ কৰে । আজিৰ ১৭ তম বড়োলেণ্ড দিৱসৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি মন্তব্য কৰি অসম চৰকাৰে আজি বড়োলেণ্ড আন্দোলনৰ শ্বহীদৰ নিকটাত্মীয়ক পাঁচ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি মন্তব্য কৰে । শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ সন্মুখত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । ইয়াৰ পিছতে ৰাতিপুৱাা ৯:০০ বজাত কাৰ্যসূচী অনুসৰি হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । 

Conclusion:
       উল্লেখ্য যে ১৭ তম বড়োলেণ্ড দিৱস উপলক্ষে আজি ৰাতিপুৱা ১১:০০ বজাত বিটিচি সচিবালয়ৰ নিকটৰ গ্ৰীণ ফিল্ডৰ বিশাল পথাৰত মুকলি সভা অনুষ্ঠিত হয়। যত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱাল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.