কৰিমগঞ্জ, 17 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ পাথাৰকান্দিত পুনৰ সক্ৰিয় হৈছে বনৰীয়া হাতীৰ জাক। দেওবাৰে জিলাখনত বনাঞ্চলত উদ্ধাৰ হয় বন্যহস্তীয়ে প্ৰাণ লোৱা এজন শ্ৰমিকৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,শুকুৰবাৰে জগন্নাথ বাল্মিকী দাসৰ নামৰ শ্ৰমিকজনে পাথাৰিয়া বন সংমণ্ডলৰ অধীনত থকা ইন্দুৰ অইল সংৰক্ষিত বনাঞ্চলত খৰি সংগ্ৰহৰ বাবে প্ৰৱেশ কৰে ৷
উক্ত দিনটোৰ পৰা নিৰুদ্দেশ হৈ আছিল শ্ৰমিকজন ৷ বহু বিচাৰ-খোচাৰ কৰিও পৰিয়ালৰ লোকে কোনো শুংসূত্ৰ পোৱা নাছিল জগন্নাথ বাল্মিকী দাসৰ ৷ দেওবাৰে অন্য এজন ব্যক্তিয়ে কাঠ সংগ্ৰহৰ বাবে বনাঞ্চলত প্ৰৱেশ কৰাৰ পাছতে বিভিন্ন স্থানত তেজৰ লগতে জগন্নাথৰ দেহৰ কিছু অংশ প্ৰত্যক্ষ কৰি গাঁওবাসীক খবৰ দিয়ে ৷
লগতে পঢ়কঃ গোহালি ঘৰৰ পৰা শিক্ষকতা আৰম্ভ কৰা শিক্ষকজন...
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বনাঞ্চলত প্ৰৱেশ কৰি কেবাটাও স্থানত জগন্নাথৰ দেহৰ পাঁচটা অংশ উদ্ধাৰ কৰে ৷ লগতে গাওঁবাসীয়ে ততাতৈয়াকৈ পাথাৰকান্দি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু বনবিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ অংশ কেইটা উদ্ধাৰ কৰি নিশাৰ ভাগত মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷