ETV Bharat / state

Gunfire incident in Karimganj : গুহাৰ পৰা উদ্ধাৰ বৃহৎ পৰামাণৰ মাৰণাস্ত্ৰ - কৰিমগঞ্জ অস্ত্ৰ উদ্ধাৰ

কৰিমগঞ্জৰ বিনোদিনি গাঁৱৰ গুলিয়াগুলীৰ ঘটনাৰ নতুন মোৰ (Gunfire incident in Karimganj) । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এটা বৃহৎ বাংকাৰসদৃশ গুহা । গোহাৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে গুলী আৰু চোকা অস্ত্ৰ ।

Gunfire incident in Karimganj
গুহাৰ পৰা উদ্ধাৰ বৃহৎ পৰামাণৰ মাৰণাস্ত্ৰ
author img

By

Published : Feb 28, 2022, 4:53 PM IST

কৰিমগঞ্জ, 28 ফেব্ৰুৱাৰী: কৰিমগঞ্জৰ বিনোদিনি গাঁৱৰ গুলিয়াগুলীৰ ঘটনাৰ নতুন মোৰ । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এটা বৃহৎ বাংকাৰসদৃশ গুহা । গুহাৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে গুলী আৰু চোকা অস্ত্ৰ (Weapons rescue in Karimganj)।

গুহাৰ পৰা উদ্ধাৰ বৃহৎ পৰামাণৰ মাৰণাস্ত্ৰ

দেওবাৰে কৰিমগঞ্জৰ বিনোদিনি গাঁৱত আবুল হুছেইন নামৰ এজন যুৱকে জছিম উদ্দিন নামৰ যুৱকজনক গুলীয়াই আহত কৰিছিল (Gunfire incident in Karimganj)। নিলামবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তৰ তদন্তত পোহৰলৈ আহিছে এটা গুহাৰ তথ্য । NSCN IM ৰ সৈতেও আবুল হুছেইন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । দেওবাৰে গুলীচালনাৰ ঘটনা সংঘটিত কৰা আবুল হুছেইন নামৰ অভিযুক্ত যুৱকজনৰ কিছু ফটোগ্ৰাফে পোহৰলৈ আনিছে চাঞ্চল্যকৰ তথ্য ।

ফটোগ্ৰাফত দেখা গৈছে যে, আবুল হুছেইনৰ হাতত আছে একে 56 মডেলৰ মাৰাত্মক অস্ত্ৰ । দেওবাৰে নিশা আবুল হুছেইনক লগত লৈ আৰক্ষী গৈছিল বিনোদিনি এলেকালৈ । পাহাৰৰ উপৰত ঘন জংঘলৰ ভিতৰত আবুলৰ এটা গোপন কোঠা প্ৰত্যক্ষ কৰি আৰক্ষী স্তম্ভিত হোৱাৰ লগতে গুহাসদৃশ কোঠাটোৰ ভিতৰৰ পৰা আৰক্ষীয়ে ছয় জাই সজীৱ গুলী, কিছু চোকা অস্ত্ৰ আৰু সেনাৰ পোছাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আবুলে হুছেইনে বাংকাৰটো S আকৃতিৰে সাজি লৈছে যাতে ভিতৰৰ পৰা গুলীচালনা কৰিব পৰাৰ লগতে বাহিৰৰ পৰা গুলীচালনা কৰিলেও ভিতৰৰ মানুহ গুলীবিদ্ধ নহয় । আৰক্ষীয়ে ইতিমধ্যে আবুল হুছেইন NSCN IM ৰ সৈতে জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, দেওবাৰে পাচলি বাৰীত গৰু প্ৰৱেশ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি আবুল হুছেইন আৰু জছিম উদ্দিনৰ ফৈদৰ মাজত সংঘাত সৃষ্টি হৈছিল আৰু সেই সংঘাতৰ সময়ত অভিযুক্ত আবুল হুছেইনৰ গুলীত আহত হৈছিল জছিম উদ্দিন । গুলীচালনাৰ পিছতে একাংশ লোকে কৰা প্ৰহাৰত আঘাতপ্ৰাপ্ত আবুল হুছেইনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে আটক কৰিছিল । আবুল হুছেইনৰ লগতে আবুল হুছেইনৰ সম্পৰ্কীয় দুগৰাকী মহিলাকো সোধ-পোছৰ বাবে আৰক্ষীয়ে আটক কৰে ৷ এই সমগ্ৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য । আৰক্ষীৰ তদন্তৰ পিছত আৰু অধিক ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনাই দেখা দিছে ।

উল্লেখ্য যে, 2016 চনত এগৰাকী মাছ ব্যবসায়ীক গুলীয়াই হত্যা কৰাৰ ঘটনাতো আবুল হুছেইন জড়িত থকা বুলি জানিবপৰা গৈছে৷

লগতে পঢ়ক: Ukraine-Russia conflict : যুদ্ধ সম্পৰ্কীয় নিজৰ স্থিতিত অটল ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.