ETV Bharat / state

কৰিমগঞ্জত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত - জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতি

আধুনিক যুগতো পথাৰ সদৃশ পথ হৈছে বৃহত্তৰ এলেকাৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা ৷ সেয়ে উপায়হীন হৈ কৰিমগঞ্জৰ ৰাইজে এইবেলি ল'লে ভোট বৰ্জনৰ সিদ্ধান্ত ৷

কৰিমগঞ্জত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত
author img

By

Published : Apr 7, 2019, 12:33 PM IST

কৰিমগঞ্জ, 7 এপ্ৰিল : জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতিত অধৈৰ্য্য হৈ কৰিমগঞ্জ জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে ল'লে ভোট বৰ্জনৰ সিদ্ধান্ত ৷ আধুনিক যুগতো পথাৰ সদৃশ পথ হৈছে বৃহত্তৰ এলেকাৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা ৷ সেয়ে উপায়হীন ৰাইজে এইবেলি ল'লে ভোট বৰ্জনৰ সিদ্ধান্ত ৷

কৰিমগঞ্জত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

অভিযোগ অনুসৰি বছৰৰ পাচত বছৰ ধৰি বঞ্চনাৰ চিকাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝেৰঝেৰী পঞ্চায়ত এলেকাৰ কটনপুৰ, মাধবপুৰ, ৰাধামাধবপুৰ, বৈছাছৰা, ডাক্তৰগুল, বালিয়া আদি গাঁৱকে ধৰি এটা বৃহত্তৰ অঞ্চল । চৰকাৰ সলনি হ'লেও এই অঞ্চলসমুহৰ দুৰৱস্থা সলনি নহয় বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এক কথাত বিধ্বস্ত যাতায়ত ব্যৱস্থাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । এজাক বৰষুণ অহাৰ পিচতে অঞ্চলটোৰ এই বিধ্বস্ত পথটোৱে কদৰ্য ৰূপ ধাৰণ কৰাৰ লগতে খৰালিৰ দিনত গাঁৱত এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰে বুলি জানিবলৈ দিয়ে অঞ্চলবাসীয়ে । ইপিনে আঢ়ৈ হাজাৰ জনবসতি থকা গাঁৱসমূহৰ ৰাইজক জনপ্ৰতিনিধিয়ে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ অভিযোগ ৷ কি সাংসদ,কি পঞ্চায়ত প্ৰতিনিধি সকলোৱে কেৱল প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে আজিকোপতি একো নিদিয়াৰ অভিযোগ গাঁওবাসীৰ । তদুপৰি বিগত সময়চোৱাত পৰ্যায়ক্ৰমে পথটো নিৰ্মাণৰ বাবে প্ৰায় 9 লাখ টকাৰ আঁচনি হাতত লোৱা হৈছিল যদিও প্ৰায় এশ মিটাৰ পথ পকীকৰণ হৈ ৰহস্যজনকভাৱে এয়াও বন্ধ হৈ গ'ল বুলি অভিযোগ স্থানীয় ৰাইজৰ । সেয়ে এইবেলি ক্ষোভিত গাঁওবাসীয়ে পথটো সম্পূৰ্ণ ভাৱে নিৰ্মাণ নোহোৱা পৰ্যন্ত সকলো ধৰণৰ ভোটৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়।

Slug : Vote boycott 

জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতিৰে অধৈৰ্য্য কৰিমগঞ্জ জিলাৰ কেবাটাও গাঁওৰ সাধাৰন ৰাইজ । আধুনিক যুগতো পথাৰ সদৃশ পথ হৈছে বৃহত্তৰ এলেকাৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা । উপায়হীন ৰাইজে এইবাৰ ললে ভোটৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ।

বছৰৰ পিছত বছৰ  ধৰি বঞ্চনাৰ চিকাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝেৰঝেৰী পঞ্চায়ত এলেকাৰ কটনপুৰ, মাধবপুৰ, ৰাধামাধবপুৰ, বৈছাছৰা, ডাক্তৰগুল, বালিয়া আদি গাঁওকে ধৰি এটা বৃহত্তৰ অঞ্চল । চৰকাৰ সলনি হলেও সলনি নহয় এই অঞ্চলসমুহৰ দুৰবস্থা । এককথাত বিদ্ধস্ত যাতাযাত ব্যবস্থাই জীয়াতু ভাগাই আহিছে সাধাৰন ৰাইজক । এজাক বৰষুন দিয়াৰ পিছত কদৰ্য ৰূপ ধাৰন কৰে অঞ্চলটোৰ এইখন পথ । আঢ়ই হেজাৰ জনবসতি থকা গাঁওসমুহৰ ৰাইজক জনপ্ৰতিনিধিয়ে কেৱল ভোট বেংক হিচাপে ব্যবহাৰ কৰি ভোট বৈতৰনী পাৰ হৈ আহিছে । খৰালীৰ দিনতো গাঁওৰ এম্বুলেন্চ প্ৰৱেশ কৰাটো এওলোকৰ বাবে আজিও এক স্বপোন ।  কী সাংসদ,কি পঞ্চায়েত প্ৰতিনিধি সকলোৱে কেৱল প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে আজিলৈকে একো নিদিয়াৰ অভিযোগ গাঁওবাসীৰ । বিগত সময়চোৱাত পৰ্যায়ক্ৰমে পথটো নিৰ্মানৰ বাবে প্ৰায় নয় লাখ টকাৰ আচনী  হাতত লোৱা হৈছিল যদিও প্ৰায় এশ মিটাৰ পথ পকীকৰন হৈ ৰহস্যজনক কাৰনে এয়াও বন্ধ হৈ গল । অথচ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতা সকলে পথ নিৰ্মানৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰি আহিলেও এইবাৰ গাঁও সমুহৰ ৰাইজে পথৰ কাম নিৰ্মান নোহোৱালৈকে সকলো ধৰনৰ ভোটৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে । আনকী আগন্তুল লোকসভা ভোট বৰ্জন কৰিব ভুক্তভোগী লোক সকলে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.