কৰিমগঞ্জ,4 অক্টোবৰঃ বৰাকৰ তিনিখন জিলাত ক‘ৰণা মহামাৰীক কেন্দ্ৰকৰি আগন্তুক দুৰ্গা পুজাৰ উপলক্ষে জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ৷
নিৰ্দেশনা অনুসৰি এইবাৰৰ শাৰদীয় দুৰ্গা পুজাত মাইক, নাচ-গানৰ লগতে জাক জমকতাৰে পেণ্ডেল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত থাকিব বাৰণ ৷ প্ৰশাসনৰ নিদেশনাৰ পিছতেই উপত্যকাটোৰ তিনিওখন জিলাতে একাংশৰ মাজত দেখা দিছে অসন্তুষ্টিয়ে ৷
শনিবাৰে এক সংবাদমেল যোগে কৰিমগঞ্জ জিলাৰ বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই নিৰ্দেশনাটোক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমালোচনা কৰিলে প্ৰশাসনক ৷ জিলা বিজেপিৰ সভাপতি গৰাকীয়ে কৰিমগঞ্জৰ জিলা উপায়ুক্ত আম্বামুথান এমক সকিয়নী প্ৰদান কৰি ক’লে, বিগত বছৰ দৰে এইবাৰো দুৰ্গা পজা উদযাপন কৰিব কৰিমগঞ্জৰ ৰাইজে ৷ এনে ক্ষেত্ৰত পুজা আয়োজনক লৈ প্ৰশাসনৰ নীতি নিৰ্দেশনাক বিৰোধীতা কৰিলে জিলা বিজেপিৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়কঃ নগাঁৱত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে ব্যৱসায়ীয়ে