ETV Bharat / state

এনএলএফটিৰ দুই দুধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

author img

By

Published : Apr 16, 2021, 6:15 PM IST

মৰণাস্ত্ৰ সহ এনএলএফটিৰ দুই কুখ্যাত উগ্ৰপন্থীৰ আত্মসমৰ্পণ ত্ৰিপুৰা আৰক্ষীৰ হাতত । আত্মসমৰ্পণ কৰা দুই উগ্ৰপন্থী সদস্য যথাক্ৰমে উত্তম কিশোৰ জামাতিয়া আৰু জুছেফ জামাতিয়া ।

two-terrorist-surrendered-at-tripura
এনএলএফটিৰ দুই দুধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

কৰিমগঞ্জ, 16 এপ্ৰিল : ত্ৰিপুৰাত অস্ত্ৰ-শস্ত্ৰ সহ আত্মসমৰ্পণ দুই দুধৰ্ষ এনএলএফটি উগ্ৰপন্থী সংগঠনৰ সদস্যৰ । মৰণাস্ত্ৰ সহ দুই কুখ্যাত উগ্ৰপন্থীৰ আত্মসমৰ্পণ ত্ৰিপুৰা আৰক্ষীৰ হাতত । বৃহষ্পতিবাৰ নিশাৰ ভাগত এনএলএফটি উগ্ৰপন্থী সংগঠনৰ দুই দুধৰ্ষ সদস্যই উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ আৰক্ষী অধীক্ষক আৰু ডিআই নৰ্দানৰ উপস্থিতিত আত্মসমৰ্পণ কৰে ।

আত্মসমৰ্পণ কৰা দুই উগ্ৰপন্থী সদস্য ক্ৰমে, উত্তম কিশোৰ জামাতিয়া আৰু জুছেফ জামাতিয়া । দুয়োজনেই এনএলএফটি নামৰ উগ্ৰপন্থী সংগঠনৰ সক্ৰিয় সদস্য আছিল । 3টা পিস্তল, 3 টা মেগজিন আৰু 9 জাই সজীৱ গুলিসহ ত্ৰিপুৰা আৰক্ষীৰ সন্মুখত উগ্ৰপন্থী দুজনে আত্মসমৰ্পণ কৰে । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, উত্তম কুমাৰ জামাতিয়াৰ ঘৰ ত্ৰিপুৰাৰ তেলিয়ামুৰা এলেকাত আৰু জুছেফ জামাতিয়াৰ ঘৰ হৈছে উদয়পুৰত ।

লগতে পঢ়ক : বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰলৈ 'তাঁতীকুছি বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.